/asomiyapratidin/media/media_files/2025/08/06/lllkjl-2025-08-06-14-49-01.jpg)
ডিজিটেল সংবাদ, নগাওঁঃ ৰূপালী জয়ন্তী উদযাপনৰ অংশ হিচাপে কলং কলা কেন্দ্ৰই অনুষ্ঠিত কৰা তিনিটিকৈ প্ৰশিক্ষণ মুকলি সভাৰে অলপতে সামৰণি মৰা হয়। নগাঁও পুৰণিগুদামৰ কলং কলা কেন্দ্ৰ প্ৰাঙ্গণত যোৱা ১ জুলাইৰ পৰা ৮ জুলাইলৈ পৰম্পৰাগত মুখা শিল্প আৰু ১৬ জুলাইৰ পৰা ২৩ জুলাইলৈ পৰম্পৰা টেৰাকোটা শিল্পৰ প্ৰশিক্ষণ অনুষ্ঠিত কৰা কলং কলা কেন্দ্ৰই ২৬ জুলাইৰ পৰা অনুষ্ঠিত কৰে হেৰাই যাবলৈ ধৰা নগঞা ওজাপালিৰ বিশেষ প্ৰশিক্ষণ।
ওজাপালি ছয়দিনীয়া প্ৰশিক্ষণৰ সামৰণি তথা আন দুটি প্ৰশিক্ষণৰ আনুষ্ঠানিক সমাপ্তি উপলক্ষে আয়োজিত সভাখনিত সভাপতিত্ব কৰে কলং কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী উৎসৱ উদ্ যাপন সমিতিৰ সভাপতি কৃষ্ণ গোস্বামীয়ে। মুখা শিল্প আৰু টেৰাকোটা শিল্পৰ প্ৰশিক্ষণ চিত্তৰঞ্জন বৰাই প্ৰদান কৰাৰ বিপৰীতে নগঞা ওজাপালিৰ প্ৰশিক্ষণ প্ৰদান কৰে নগঞা ওজাপালিৰ অন্তিম গৰাকী প্ৰবীণ শিল্পী ভাবুৰাম কেওটে।
সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ভাবুৰাম কেওটে কয় যে নগঞা ওজাপালি মৰণ গহ্বৰলৈ গতি কৰা কথাটোৱে মোক দুখ দিছিল যদিও কলং কলা কেন্দ্ৰই অনুষ্ঠিত কৰা এই প্ৰশিক্ষণে মনলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে। ওজাপালি প্ৰশিক্ষণত অংশ লোৱা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীৰ দক্ষতাৰ কথা শলাগি তেখেতে আশা প্ৰকাশ কৰে যে এই সকলৰ জৰিয়তে নগঞা ওজাপালিয়ে নতুন প্ৰাণ পাব।
আন গৰাকী বিশিষ্ট অতিথি অৱসৰপ্ৰাপ্ত সংস্কৃত শিক্ষক প্ৰফুল্ল কলিতাই কলং কলা কেন্দ্ৰৰ ব্যতিক্ৰমী প্ৰচেষ্টাক শলাগ লৈ কয় যে ৰাইজে, চৰকাৰে অনুষ্ঠানটোৰ মহত্ব অনুধাৱন কৰি ইয়াক আগুৱাই নিয়া উচিত। সমজুৱা পিনৰ পৰা অনন্ত ভূঞাই ভাষণ প্ৰদান কৰি কয় যে পুৰণিগুদাম অঞ্চলত নগঞা ওজাপালিৰ বিষয়ে প্ৰশিক্ষণ বা আলোচনা আগতে কেতিয়াও কৰা হোৱা নাই।
অনিল বৈৰাগীয়ে ভাষণ প্ৰদান কৰি কয় যে ২০১৪ চনতে অনুষ্ঠানটিয়ে ইয়াৰ প্ৰতিষ্ঠা দিৱসত নগঞা ওজাপালি গপ্ৰদৰ্শনৰ দিহা কৰি গপপুৰণিগুদামৰ ৰাইজৰ বিষয়টোৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিছিল। সভাপতিৰ ভাষণত কৃষ্ণ গোস্বামীয়ে পুৰণিগুদামত তাহানিতে হোৱা ওজাপালিৰ বিভিন্ন উদাহৰণ দাঙি ধৰি কয় যে সেই সাধক সকলৰ শ্ৰম অথলে যাব যদি তাক ধৰি ৰাখি প্ৰাণৱন্ত ৰূপত ৰাখিব পৰা নাযায়।
ওজাপালিৰ প্ৰশিক্ষাৰ্থী মমী গোস্বামী, বাণী বৰা বৈৰাগী আৰু প্ৰশান্ত গোস্বামীয়ে প্ৰশিক্ষণ কালত লাভ কৰা বিৰল অভিজ্ঞতা সমূহৰ বিষয়ে বিবৰি কয়। সভাৰ শেষত সমূহ প্ৰশিক্ষাৰ্থী তথা ভাবুৰাম কেওটৰ পালি কেশৱ গগৈ আৰু দিবাকৰ বৰাই নগঞা ওজাপালি প্ৰদৰ্শন কৰে। বৰগীত বিশেষ গীতেৰে ওজা নৃত্য পৰিৱেশন কৰে মমী গোস্বামীয়ে।
উল্লেখযোগ্য যে মুখাশিল্পৰ প্ৰশিক্ষণ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰফুল্ল কলিতা, টেৰাকোটা শিল্পৰ প্ৰশিক্ষণ মধুপুৰ ধাম সত্ৰৰ ডেকা সত্ৰাধিকাৰ মাধৱদেৱ মহন্ত আৰু ওজাপালিৰ প্ৰশিক্ষণ লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীয়ে বন্তি প্ৰজ্বলন কৰি শুভ উদ্বোধন কৰিছিল। প্ৰণিধানযোগ্য যে প্ৰশিক্ষক ভাবুৰাম কেওটৰ দিহা মৰ্মে কলং কলা কেন্দ্ৰৰ সম্পাদক চিত্তৰঞ্জন বৰাই প্ৰশিক্ষাৰ্থী অনিত্য ভূঞাক গামোচাৰে বৰণ কৰি নগঞা ওজাপালিৰ নতুন ওজা হিচাপে দায়িত্ব ভাৰ অৰ্পণ কৰে।