চাঞ্চল্যকৰঃ মৃত কিশোৰীক জীৱন্তে উদ্ধাৰ আৰক্ষীৰ

নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মৃত পিংকি দাসক জীৱন্তে উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে। তেৰবছৰীয়া ৰহা দীঘলদৰিৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পিংকিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে গুৱাহাটী গড়চুকৰ পৰা।

author-image
Asomiya Pratidin
New Update
মৃত কিশোৰীক জীৱন্তে উদ্ধাৰ আৰক্ষীৰ

মৃত কিশোৰীক জীৱন্তে উদ্ধাৰ আৰক্ষীৰ

ডিজিটেল সংবাদ, নগাঁওঃ নগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মৃত পিংকি দাসক জীৱন্তে উদ্ধাৰ কৰিছে নগাঁও আৰক্ষীয়ে। তেৰবছৰীয়া ৰহা দীঘলদৰিৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী পিংকিক আৰক্ষীয়ে উদ্ধাৰ কৰিছে গুৱাহাটী গড়চুকৰ পৰা। গড়চুকৰ গটঙ্গাৰ পম্পি দলেৰ ঘৰৰ পৰা শুকুৰবাৰে উদ্ধাৰ কৰা হৈছে পিংকিক । 

Advertisment

উল্লেখযোগ্য যে, দিন দিয়েক পূৰ্বে নগাঁৱৰ মেডিকেল কলেজৰ ওচৰৰ পৰা উদ্ধাৰ হৈছিল এটি কিশোৰীৰ মৃতদেহ। ৰক্তাক্ত কিশোৰীৰ মৃতদেহটো সন্ধানহীন হৈ থকা ৰহাৰ পিংকি দাসৰ বুলি চিনাক্ত হৈছিল। পিতৃ-মাতৃ, মোমায়েক, পৰিয়াল, চুবুৰীয়াই সন্ধানহীন হৈ থকা ৰহাৰ দীঘলদৰিৰ পিংকি দাস বুলি চিনাক্ত কৰিছিল। পিছত মৰনোত্তৰ পৰীক্ষাৰ অন্তত পিতৃ মাতৃয়ে মৃতদেহটো চমজি লৈ সৎকাৰ কৰিছিল। আৰক্ষীয়ে মৃতদেহৰ ডি এন এ সংগ্ৰহ কৰি ৰাখিছিল । 

আনকি এই ঘটনাৰ পিছত আৰক্ষীয়ে তদন্ত চলাই পাঁচজন লোকক কৰায়ত্ব কৰিছিল। আনহাতে সন্ধানহীন হোৱা পিংকিৰ পিতৃ মাতৃয়ে আৰক্ষীক তথ্য দিয়াত প্ৰথম অৱস্থাত খেলিমেলি কৰিছিল। নিশা ঘৰৰ পৰা ওলাই অহা পিংকিক পৰিয়ালৰ লোকে দিনতে ঘৰৰ পৰা ওলাই অহা বুলি প্ৰথম অৱস্থাত মিছা মাতিছিল। 

নগাঁও আৰক্ষীয়ে সমগ্ৰ ঘটনাটো অতি সতৰ্কতাৰে আগবঢ়াই অৱশেষত পিংকিক জীৱন্তে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। উত্তৰ প্ৰদেশৰ ট্ৰাক চালক ৰাহুল সিঙৰ লগত ৰহাৰ পৰা গুৱাহাটীলৈ গৈছিল পিংক। আই এছ বি টিত দুদিন আছিল পিংকি। পিছত এজন অট’ চালকে পিংকি দাসক পাই গটঙ্গালৈ লৈ গৈছিল। 

ইফালে পিংকিক জীৱন্তে উদ্ধাৰ কৰাৰ পিছত নৃশংস ভাৱে হত্যা কৰি মেডিকেল কলেজৰ ওচৰত পেলাই থৈ যোৱা কিশোৰীগৰাকী কোন আছিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে। উক্ত মৃতদেহটোক লৈ নগাঁও আৰক্ষীয়ে পুনৰ তদন্ত আৰম্ভ কৰিছে।

নগাঁও নগাঁও আৰক্ষী