পঞ্চায়ত গঠনত খেলিমেলিঃ সভাপতি পদৰ বাবে আকোঁৰগোজ দুই পক্ষ

নগাঁও জিলাৰ পখীয়ামৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাওঁ পঞ্চায়ত গঠনত সৃষ্টি হৈছে বেমেজালিৰ। যাৰবাবে পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
vvjhbjhb

ডিজিটেল সংবাদ, কামপুৰঃ নগাঁও জিলাৰ পখীয়ামৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত জুৰিপাৰ গাওঁ পঞ্চায়ত গঠনত সৃষ্টি হৈছে বেমেজালিৰ। যাৰবাবে পঞ্চায়তৰ সভাপতি নিৰ্বাচন কৰাৰ ক্ষেত্ৰত খেলিমেলি হোৱা বুলি জানিব পৰা গৈছে।

Advertisment

নিৰ্বাচনত জয়ী হোৱা একাংশ সদস্যই ৰুনা লাইলাক সভাপতি হিচাবে সমৰ্থন জনোৱাৰ বিপৰীতে একাংশই নাজিমা বেগমক সভাপতি পদৰ বাবে সমৰ্থন আগবঢ়ায়। বৃহস্পতিবাৰে পাখীমৰীয়া উন্নয়ন খণ্ডৰ কাৰ্যলয়ত এই সম্পৰ্কত সভা চলি থকাৰ সময়তে নাজিমা বেগমৰ লগতে আন তিনিগৰাকী সদস্যই সভাস্থলী ত্যাগ কৰে। এই চাৰিগৰাকী সদস্যাৰ দাবী ৰুনা লাইলা ফৈদে আসংবিধানিকভাৱে ঘৰতে সভাৰ প্ৰস্তাৱ লিখি আনিছে। তেওঁলোকে সাংবিধানিক ভাৱে ভোটৰ জৰিয়তে সভাপতি নিৰ্বাচনৰ দাবী জনায়। ইফালে এই খেলিমেলিৰ মাজতে উন্নয়ন খণ্ডৰ বিষয়া গৰাকীয়ে চাৰিওগৰাকী ৱাৰ্ড সদস্যক সভাকক্ষলৈ নিমন্ত্ৰণ জনাইছিল যদিও সভাকক্ষত উপস্থিত নোহোৱাত সভাখন স্থগিত ৰখা বুলি জনা গৈছে।

পঞ্চায়ত নিৰ্বাচন নগাঁও পঞ্চায়ত পঞ্চায়ত সভাপতি