প্ৰৱাসী অসমীয়াক লৈ নগাঁও জিলা সাহিত্য সভাৰ ভাষা বিকাশৰ মনোজ্ঞ আলোচনা চক্ৰ

নগাঁও জিলা সাহিত্য সভাৰ প্ৰৱাসী অসমীয়া উপসমিতিৰ উদ্যোগত আৰু নগাঁও কলেজৰ সহযোগত অনলাইন যোগে "বিদেশত অসমীয়া ভাষাৰ বিকাশ: প্ৰৱাসী অসমীয়াৰ অভিজ্ঞতা"  শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হয়

author-image
Asomiya Pratidin
New Update
vxvxvxvxv

ডিজিটেল সংবাদ, নগাঁও: নগাঁও জিলা সাহিত্য সভাৰ প্ৰৱাসী অসমীয়া উপসমিতিৰ উদ্যোগত আৰু নগাঁও কলেজৰ সহযোগত অনলাইন যোগে অনুষ্ঠিত "বিদেশত অসমীয়া ভাষাৰ বিকাশ: প্ৰৱাসী অসমীয়াৰ অভিজ্ঞতা"  শীৰ্ষক আলোচনা চক্ৰত কানাডা, ইউৰোপ, আয়াৰলেণ্ড আৰু যুক্তৰাজ‍্যৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি অসমীয়া ভাষা আৰু সংস্কৃতিৰ বিকাশৰ বাবে কেনেকৈ নিজকে উৎসৰ্গা কৰিছে আৰু অসমীয়া ভাষাৰ গৌৰৱ কি দৰে অক্ষুন্ন ৰাখিব পাৰি সম্পৰ্কে গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোকপাত কৰে।

Advertisment

আবেগিক ভাৱে নিজৰ অন্তৰৰ কথা প্ৰকাশ কৰা প্ৰৱাসীসকলে অসমীয়া ভাষাক মনৰ মণিকুটত লৈ দেশ বিদেশত অফুৰন্ত ভাৱে কাম কৰি যোৱাৰ কথা উল্লেখ কৰে। ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ গৱেষক - অধ্যাপক ড০ জগন্নাথ বিশ্বকৰ্মাই সঞ্চালনা কৰা ২৮ জুনৰ আলোচনা চক্ৰখনত স্কটলেণ্ডৰ  নিৱাসী আৰু যুক্তৰাজ‍্যৰ অসম সাহিত্য সভাৰ উপসভাপতি নিৰলা বৰুৱাই কয় যে, "পাঁচশ বছৰৰ আগেয়ে শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সাহিত্যৰ যি গছি বন্তি জ্বলাই থৈ গৈছে সেই বন্তিৰ শিখা বিদেশত থাকিও হৃদয়ত লৈ ফুৰিছে।" বৰুৱাই অসমীয়া সাহিত্যৰ বাছকবনীয়া কেতবোৰ গ্ৰন্থৰ ইংৰাজী বা বিদেশী ভাষালৈ অনুবাদ কৰাত গুৰুত্ব আৰোপ কৰে। অসমত একাংশই ইংৰাজী ভাষাত স্কুলীয়া শিক্ষা ললেহে ভাল মানুহ হব পাৰে বুলি ভিত্তিহীন বিশ্বাস লৈছে বুলিও আক্ষেপ কৰে। 

যুক্তৰাজ‍্যৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ইংলেণ্ডৰ মঞ্জিৰা চৌধুৰীয়ে অসমীয়া ভাষা চৰ্চাৰ কেন্দ্ৰ কৰি বিদেশতো অসমৰ শিপাৰ লগত কেনেদৰে সম্পৰ্ক ৰাখিছে তাৰ বাখ্যা কৰে। তেওঁ শিশু গ্ৰন্থৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। ইউৰোপৰ অসমীয়া গোটৰ সভাপতি জাৰ্মানীৰ শ্ৰীমন্ত ভূঞাই "অসম মিলন" অনুষ্ঠান পাতি অসমীয়া সাহিত্য, সংস্কৃতি বিকাশ কৰাৰ কামত লাগি থকাৰ কথা বাখ্যা কৰি কয় যে, "বিদেশত থকা নতুন প্ৰজন্মৰ অসমীয়া সকলেও নিজৰ সংস্কৃতি বিকাশত জৰিত হবলৈ আগ্ৰহী। বিদেশত অসমীয়া সকলে সত্ৰীয়া নৃত্য পৰিৱেশন কৰাটো গৌৰবৰ বিষয় বুলি কৈ শুদ্ধ ভাবে অসমীয়া শিকা। ' এপ'ৰ প্ৰয়োজন আছে" বুলি কয়। 

WhatsApp Image 2025-06-29 at 3.22.14 PM

কানাডাৰ অসম সংঘৰ দিগন্ত বৈশ্যই "প্ৰযুক্তিৰ জৰিয়তে অসমীয়া ভাষা বিদেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰিব পাৰি" বুলি উল্লেখ কৰে। কানাডাৰ উমা তালুকদাৰে অসমীয়া বুলি গৌৰৱ বোধ কৰে বুলি উল্লেখ কৰি বৰ্তমান অসমতে অসমীয়া ভাষাৰ সংকট হৈছে বুলি কয়। অসম সংঘ আয়াৰলেণ্ডৰ দিগন্ত মালকাৰে অসমীয়া ভাষাৰ ডিজিটেলাইজেচনৰ আৱশ‍্যকতাৰ বিষয়ে গুৰুত্ব আৰোপ কৰে। তেওঁ ভাষাৰ বিকাশৰ বাবে এটা  "টাস্ক ফৰ্চ" গঠন কৰাৰ পৰামৰ্শ দিয়ে। 

নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড০ শৰৎ বৰকটকীয়ে আৰম্ভণি ভাষণত বিদেশত থকা অসমীয়া সকলক ভাষা ,সংস্কৃতিৰ বিকাশৰ দূত( এম্বেছাদৰ) বুলি অভিহিত কৰে। জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকা,নগাঁও কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড০পুলিন চন্দ্ৰ বৰা,নগাঁও কলেজৰ আভ্যন্তৰীণ মানদণ্ড  আশ্বাষণ কোষৰ আহবায়ক ড০ভুৱন চন্দ্ৰ চুতীয়াই যুটীয়াভাৱে আদৰণি ভাষণ দিয়ে। সঞ্চালক ড০ জগন্নাথ বিশ্বকৰ্মাই কয় যে, "বিদেশত অসমীয়া বুলি কৈ গৌৰৱ অনুভৱ কৰি আহিছে। ড০ বিশ্বকৰ্মাই অসমীয়া ভাষা, সাহিত‍্য, সংস্কৃতি মহিমামণ্ডিত কৰাৰ বাবে সকলোৱে একেলগে কাম কৰি যোৱাত গুৰুত্ব প্ৰদান কৰে। বিদেশত অসমীয়া ভাষাৰ প্ৰচাৰ প্ৰসাৰ কৰিবলৈ প্ৰৱাসী অসমীয়া সকলৰ সৈতে অসম সাহিত্য সভা আৰু চৰকাৰ, ভাৰতীয় দূতাবাস সমূহে একেলগে কাম কৰিলে অসমীয়া ভাষাৰ প্ৰসাৰ হব আৰু ভাষাৰ গৌৰৱ যুগজয়ী হব।" 

এই আলোচনা চক্ৰ খনতেই ড০ জগন্নাথ বিশ্বকৰ্মাই সম্পাদনা কৰা "প্ৰৱাসী অসমীয়াৰ কলমেৰে" নামৰ ই - বাৰ্ত্তালোচনী এখন অসম  সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্য হাজৰিকাই উন্মোচন কৰি কয় যে -"এনে আলোচনীৰ জৰিয়তে সাহিত্য সাধনাৰ উপৰিও প্ৰৱাসী  অসমীয়া আৰু অসম বাসীৰ মাজত সেতু বন্ধন সৃ্ষ্টি হয়।" তেওঁ ড০ জগন্নাথ বিশ্বকৰ্মাৰ সুন্দৰ পদক্ষেপৰ উচ্চ প্ৰশংসা কৰে।এই আলোচনী খনত ভাৰত চৰকাৰৰ ৰাজ্যিক বিদেশ মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে শুভেচ্ছা বাণী দিয়ে।

আলোচনা চক্ৰ খনত কানাডাৰ জুলী দত্ত, ড০ কৌস্তৱ জ‍্যোতি বৰা, অসম সাহিত্য সভাৰ মৈত্ৰেয়ী বন্ধন উপসমিতিৰ কাৰ্যকৰী সভাপতি থানেশ্বৰ মালাকাৰ, সাহিত্যিক ড০ হেমন্ত গোস্বামী, মৃগাংগ বৰা, মৃণালিনী বেজবৰুৱা, দেৱিকা বৰপূজাৰী আদিকে ধৰি ভালেমান বিশিষ্ট লোকে অংশগ্ৰহণ কৰে। যুক্তৰাজ‍্যৰ অসম সাহিত্য সভাৰ সভাপতি গীতা বৰুৱা, পেৰিছৰ ভাৰতীয় দূতাবাসত কৰ্মৰত অসম সন্তান ডা০ ময়ুৰ হাজৰিকাৰ শুভেচ্ছা ৱাণীৰ শলাগ লৈ এই আলোচনা চক্ৰ খন সফল কৰি তোলাৰ লগতে নিজা ৱেবচাইট ক্ৰয় কৰি ই আলোচনী প্ৰকাশ কৰা বাবে নগাঁও জিলা সাহিত্য সভাই ড০ জগন্নাথ বিশ্বকৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। জিলা সাহিত্য সভাৰ এনে উদ্যোগৰ বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ সূৰ্য হাজৰিকাই প্ৰশংসা কৰে আৰু বিদেশত থকা অসমীয়া সকলক লৈ এখন আন্তৰ্জাতিক মঞ্চ গঠনৰ পোষকতা কৰে।

নগাঁও