নগাঁৱৰ সংখ্যালঘূ এলেকাত মেজিক দেখুৱাবলৈ সক্ষম নহ'ল বিজেপি মিত্ৰজোঁট

নগাঁও জিলা পৰিষদ বিজেপি অগপই দখল কৰাৰ পথ সুগম হৈছে যদিও কংগ্ৰেছে শক্তি দেখুৱালে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত। মিত্ৰ দলে ১৪ খন জিলা পৰিষদৰ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ১৩ খন আসন দখল কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
সংখ্যালঘূ এলেকাত কংগ্ৰেছে দেখুৱালে শক্তি

সংখ্যালঘূ এলেকাত কংগ্ৰেছে দেখুৱালে শক্তি

ডিজিটেল সংবাদ , নগাঁও: নগাঁও জিলা পৰিষদ বিজেপি অগপই দখল কৰাৰ পথ সুগম হৈছে যদিও কংগ্ৰেছে শক্তি দেখুৱালে এইবাৰৰ পঞ্চায়ত নিৰ্বাচনত। মিত্ৰ দলে ১৪ খন জিলা পৰিষদৰ আসন দখল কৰাৰ বিপৰীতে কংগ্ৰেছে ১৩ খন আসন দখল কৰিবলৈ সক্ষম হয়। বিশেষকৈ সংখ্যালঘূ এলেকাত বিজেপি অগপই মেজিক দেখুৱাবলৈ সক্ষম নহল। সংখ্যালঘূ ভোটাৰে বিজেপি অগপক প্ৰায় নসাৎ কৰা পৰিলক্ষিত হয় । 

নিৰ্বাচনী ফলাফল অনুসৰি নগাঁও জিলাৰ জিলা পৰিষদৰত (৭টা বিধানসভা সমষ্টি) বিজেপিয়ে ১১খন আসন লাভ কৰে । বিপৰিতে অগপই ৩ খন আসন লাভ কৰে ।ইফালে কংগ্ৰেছ দলে লাভ কৰা আসনৰ সংখ্যা ১৩খন । 

নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিত ভোটাই-পাথৰিত স্বপ্নালী চাংকাকতি (বিজেপি) , কাছমাৰিত প্ৰাঞ্জল দাস (বিজেপি), উৰিয়াগাঁৱত গীতাঞ্জলী হাজৰিকা (বিজেপি/অপ্ৰতিদ্বন্দী) বিজয় হয় । 

বঢ়মপুৰ বিধানসভাত বঢ়মপুৰ: সুনীতা ইংতিপি (বিজেপি/অপ্ৰতিদ্বন্দী),যমুনামুখ: পূৰবী বৰদলৈ (বিজেপি/অপ্ৰতিদ্বন্দী) , কঠিয়াতলীত ৰম্ভা লইং (বিজেপি/অপ্ৰতিদ্বন্দী), পুৰণিগুদামত মিণ্টু শৰ্মা (বিজেপি) বিজয় হয় । 

চামগুৰি বিধানসভাত বাজিয়াগাঁৱত মমতাজ বেগম (কংগ্ৰেছ), ভকতগাঁৱত মোস্তান কেন্দুৱাই (কংগ্ৰেছ), গড়াজানত মমতাজ বেগম (কংগ্ৰেছ) আৰু শিঙিমাৰীত ইব্ৰাহিম আলী (কংগ্ৰেছ) বিজয় হয় । 

ৰূপহীহাট বিধানসভাত আলিটাঙনি দ'গাঁৱত আচফিয়া চেমিম - (কংগ্ৰেছ), ফাকলি: ৰাহানা ৰহমান চৌধুৰী - (কংগ্ৰেছ) , জুৰীয়াত নাজমা চৌধুৰী (কংগ্ৰেছ),মাহেৰীপাৰ বৰঘূলিত মস্কুৰ হুছেইন (কংগ্ৰেছ) বিজয় হয়।

ধিং বিধানসভাত আমলখি চহৰীয়াত নাৰ্গিছ পাৰবীন (কংগ্ৰেছ) , বালিসত্ৰত খালিদা য়াছমিন (কংগ্ৰেছ) , বেছামাৰীত মতিউৰ ৰহমান (কংগ্ৰেছ), লহকৰ: বাবুল আলী (কংগ্ৰেছ) বিজয় হয় । 

কলিয়াবৰ বিধানসভাত আমবাগানত জয়শ্ৰী মণ্ডল (অগপ), চতিয়াল পূৱথৰীয়াত পূণ্যলতা বৰুৱা (অগপ/অপ্ৰতিদ্বন্দী), দ্বাৰ বাগৰিত জিতেন গৌৰ (বিজেপি) , দ্বাৰ শালনা: অনিল ঠাকুৰ (অগপ) বিজয় হয় । 

আনহাতে ৰহা বিধানসভাৰ চাপৰমুখত জোনালীম দাস (বিজেপি), মাধাৱপাৰাত আব্দুল জাব্বাৰ (কংগ্ৰেছ), পাখিমুৰীয়া জামুগুৰি: অৰ্ণৱ দাস (বিজেপি), ফুলগুৰি বাৰপূজীয়া ৰূপজ্যোতি বৰদলৈ দাস (বিজেপি) বিজয় হয় ।

কংগ্ৰেছ বিজেপি নগাঁও