মৰণা মৰা মেচিন কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ দুজনৰ কৰুণ মৃত্যু

নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়ালত আজি সন্ধিয়া সংঘটিত এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২জন যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-09 at 9.47.48 PM

ডিজিটেল  সংবাদ, বেবেজীয়াঃ নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জাগীয়ালত আজি সন্ধিয়া সংঘটিত এক শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ২জন যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি  কৰিছে। নিহত লোক দুজনৰ নাম অজয় কোঁৱৰ আৰু নৱকৃষ্ণ ডেকা বুলি জানিব পৰা‌ গৈছে।

উল্লেখ্য যে, জাগীয়ালৰ এখন পথাৰৰ পৰা অন্য এখন পথাৰলৈ ট্ৰেক্টৰৰ জড়িয়তে কঢ়িয়াই নিছিল মৰণা মৰা যন্ত্ৰটো। জাগীয়াল গৰুবাটৰ জলসিঞ্চন নলাৰ কাষেদি গৈ থকা অৱস্থাত মৰণা মৰা বাহনখন দুৰ্ঘটনাত পতিত হয়। ফলত বাহন খনত উঠি অহা নমাটিৰ লঠাবৰি অজয় কোঁৱৰ আৰু শেতালিৰ নৱকৃষ্ণ ডেকাৰ থিতাতে মৃত্যু হয়। 

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছতে দুয়োকে হেচি ধৰে যন্ত্ৰটোৱে। ফলত থিতাতে কৰুণ মৃত্যু হয় দুয়োজন যুৱকৰ। ইতিমধ্যেই নিহত যুৱকদ্বয়ৰ মৃতদেহ দুটা আৰক্ষীয়ে উদ্ধাৰ কৰি নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। 

নগাঁও