/asomiyapratidin/media/media_files/2025/07/03/nogaon-ajycp-2025-07-03-16-01-55.jpg)
ডিজিটেল সংবাদ, নগাঁও: বৃহস্পতিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ পুৰণিগুদাম আঞ্চলিক সমিতিয়ে ব্যাপক হাৰত বন ধ্বংস আৰু অবৈধ পাহাৰ খনন কাৰ্য বন্ধ কৰাৰ দাবীত চামগুৰি ৰাজহ চক্ৰ বিষয়াৰ জড়িয়তে নগাঁও জিলাৰ আয়ুক্তলৈ তিনি দফীয়া দাবী সন্মিলিত স্মাৰক পত্ৰ প্ৰদান কৰে।
উল্লেখযোগ্য যে, অঞ্চলটোত ব্যাপক হাৰত সৰু ডাঙৰ শিলৰ কোৱাৰী সমূহে অবৈধ ভাৱে কৰা শিল খনন কৰি লুটপাত চলাই আহিছে। একেদৰে, শেনচোৱাৰ পৰা বেবেজিয়ালৈ ৰাস্তা বহলোৱাৰ নামত ১৮ জোপা প্ৰাপ্তবয়স্ক গছ কাটি পেলোৱা কাৰ্যক তীব্ৰ বিৰোধীতা কৰি অতি শীঘ্ৰে দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত কৰি সেই প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ সংগঠনটোয়ে দাবী জনাইছে।
ইফালে, নগাঁও জিলাৰ চামগুৰি সমীপৱৰ্তী অঞ্চলৰ উদমাৰীত শিলৰ ব্যৱসায়ীয়ে গছ-গছনি কাটি জীৱ কুলৰ প্ৰতি ভাবুকি অনাৰ লগতে নিবিদা বিহীন ভাৱে অবৈধ পাহাৰ ধ্বংস কৰি শিল খনন কৰা কাৰ্য অতি সোনকালে বন্ধ কৰিবলৈ দাবী জনাই সংগঠনটোৱে। স্মাৰক পত্ৰ প্ৰদানৰ পিছত সাংবাদিকক যুব ছাত্ৰ পৰিষদৰ জিলা সমিতি ৰ যুটীয়া সম্পাদক দিব্যজিত হাজৰিকাই কয় যে, "চোৰ কৰি গছ কাটি ,পাহাৰ অবৈধভাৱে খনন কৰি শিল বেছি অসাধু ব্যৱসায়ীয়ে লুটপাত চলাই আছে যদিও নগাঁৱৰ বন বিভাগ এতিয়া গভীৰ নিদ্ৰাত।" লগতে আঞ্চলিক সমিতিৰ সভাপতি প্ৰাণকৃষ্ণ ডেকাই কয় যে, "এই প্ৰকৃতি ধ্বংসযজ্ঞ আৰু অবৈধ পাহাৰ খনন অতি শীঘ্ৰে বন্ধ কৰিব লাগিব অন্যথা জংগী প্ৰতিবাদী কাৰ্যসূচী গঢ়ি তোলা হ'ব।" উক্ত কাৰ্যসূচীত উপস্থিত থাকে জিলা সমিতিৰ কাৰ্যনিৰ্বাহক অজ্ঞজ্যোতি বৰুৱা, আঞ্চলিকৰ সাংগঠনিক সম্পাদক মিণ্টু ডেকা আদি।