টাটা ট্ৰাষ্টৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা...

টাটা ট্ৰাষ্টৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা...

author-image
Asomiya Pratidin
New Update
টাটা ট্ৰাষ্টৰ অধ্যক্ষ পদত নিযুক্ত নোৱেল টাটা...

ডিজিটেল ডেস্কঃ টাটা গ্ৰুপৰ জনকল্যাণকাৰী শাখা টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হ'ল ৰতন টাটাৰ সতীয়া ভায়েক নোৱেল টাটাক। উদ্যোগপতি ৰতন নভল টাটাৰ দেহাৱসানৰ পিছত তেওঁৰ সতীয়া ভায়েকক টাটা ট্ৰাষ্টৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে।

Advertisment

উল্লেখ্য যে, ভাৰতৰ অন্যতম কৰ্পোৰেট ব্যৱসায়ী ৰতন টাটাই টাটা গ্ৰুপক বিভিন্ন উদ্যোগ স্থাপনৰ মাধ্যমেৰে এক বিশাল বাণিজ্যিক শক্তিলৈ ৰূপান্তৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

সেয়ে ঐতিহ্যবহনকাৰী টাটা ট্ৰাষ্ট, বিবিধ টাটা ব্ৰেণ্ডৰ হোল্ডিং কোম্পানী টাটা ছন্সৰ ৬৬ শতাংশ অংশীদাৰীত্বৰ মালিকীস্বত্ব কাক প্ৰদান কৰা হৈছে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ।

ইফালে ২০০০দশকৰ আৰম্ভণিতে টাটা গ্ৰুপত যোগদান কৰাৰ পিছত টাটা ষ্টীল আৰু টাইটানৰ উপাধ্যক্ষ হিচাপে, নোৱেলে ব্যৱসায়িক গোষ্ঠীটোৰ বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

চলিত বছৰৰ আৰম্ভণিতে, নোৱেল টাটাৰ তিনি সন্তান - লিয়াহ, মায়া আৰু নেভিলক ছাৰ ৰতন টাটা ট্ৰাষ্ট আৰু ছাৰ ডোৰাবজী টাটা ট্ৰাষ্টৰ সৈতে সম্পৰ্কিত একাধিক ন্যাসত সদস্য হিচাপে নিযুক্তি দিয়া হৈছিল।

লিয়াহ বৰ্তমান ইণ্ডিয়ান হোটেলত উপ-সভাপতি আৰু মায়া টাটা কেপিটেলৰ সৈতে জড়িত। নেভিল ট্ৰেণ্ট আৰু ষ্টাৰ বজাৰৰ নেতৃত্বৰ সৈতে জড়িত। টাটা ট্ৰাষ্ট হৈছে সেই মাতৃ সংগঠন যি ইয়াৰ অন্তৰ্গত ১৪ খন টাটা ট্ৰাষ্টৰ সকলো কাম-কাজ পৰিচালনা কৰে।

Also Read: বালিজুৰিত ৫৫সংখ্যক সাৰ্বজনীন দুৰ্গোৎসৱ উদযাপন

noel tata ratan tata tata trusts