/asomiyapratidin/media/media_files/2025/04/19/bXGlH0DAumeqqZMd8NRV.jpg)
ডিজিটেল সংবাদ, জামুগুৰিহাটঃ নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পঞ্চায়ত নিৰ্বাচনৰ বাৱে মনোনয়নপত্ৰ দিবলৈ অহা কংগ্ৰেছী প্ৰাৰ্থী সকলক ভয় ভাবুকি প্ৰদানৰ লগতে গুলী ফুটাই ভাবুকি প্ৰদান কৰা বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যি অভিযোগ আনিছে তাৰ বিৰুদ্ধে আজি নদুৱাৰ সমষ্টিৰ বিজেপিয়ে এক সংৱামেলৰ আয়োজন কৰি এই অভিযোগ খণ্ডন কৰি ভূপেন বৰাক সকিয়নী প্ৰদান কৰে ৷
নদুৱাৰ সমষ্টিৰ বিজেপিৰ দক্ষিন নদুৱাৰ,উত্তৰ নদুৱাৰ,চাৰিদুৱাৰ আৰু নাগশংকৰ মণ্ডলৰ সভাপতি সম্পাদক প্ৰমুক্ষে শোণিতপুৰ জিলা বিজেপিৰ উপসভাপতি নিতুমনি বৰাই কয়-ভূপেন বৰা মিথ্যাচাৰী নেতা ,নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ দূৰৱস্থা দেখি হতাশাত ভূগি প্ৰলাপ বকিছে ভূপেন বৰাই ৷ নদুৱাৰ সমষ্টিত কংগ্ৰেছৰ সাংগঠনিক ভেটিয়েই নাই ৷ এমুঠি কংগ্ৰেছীয়ে দলটো চলাই আছে ৷ পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী দিবলৈও তেওঁলোকৰ মানুহ নোহোৱা হ'ল ৷
এতিয়া মুখলজ্জা ঢাকিবলৈ বিভিন্ন নাটক কৰাত ব্যস্ত হৈ পৰিছে কংগ্ৰেছী নেতা সকল ৷ ভূপেন বৰাই মানসিক ভাৰসাম্য হেৰাই পেলাইছে৷ সেই কাৰনেই আবুল তাবুল বকিছে৷ সংৱাদমেলখনত সাধাৰণ ৰাইজক ভূল বাখ্যাৰে বিভ্ৰান্ত নকৰিবলৈ কংগ্ৰেছৰ নেতা কৰ্মী সকলক সকিয়নী প্ৰদান কৰাৰ লগতে নিজৰ দলটোৰ ক'ত কি ভূল সেইয়া শুদ্ধৰণি কৰিবলৈহে আহ্বান জনায় ৷