/asomiyapratidin/media/media_files/2025/05/22/3BLFsoBo8J1VE6XLpJqn.jpg)
ডিজিটেল ডেস্কঃ ‘চিকেন নেক’ক লৈ ভাবুকি দিয়া বাংলাদেশৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। দেশৰ সকলো বন্দৰত বাংলাদেশৰপৰা আমদানিকৃত সামগ্ৰীৰ ক্ষেত্রত নিষেধাজ্ঞা আৰোপ কৰিছিল কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰৰ এই প্ৰদক্ষেপৰ পাছতে উত্তৰ-পূবক লৈ সঘনাই ভাবুকি দিয়া বাংলাদেশক এইবাৰ কঠোৰ সকিয়নী প্ৰদান কৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে।
‘চিকেন নেক’ক লৈ ভাবুকি দিয়া বাংলাদেশক উদ্দেশ্যি দেৰগাৱৰ আৰক্ষীয় চাউনীৰ পৰাই হিমন্ত বিশ্ব শৰ্মাই কয় যে, এনেধৰণৰ কাম কৰিলে বাংলাদেশে যোগ্য প্ৰত্যুত্তৰ পাব। কিন্তু মোৰ ধাৰণা হয় যে, ভাৰতৰ শেহতীয়া অপাৰেচন সিন্দূৰৰ পাছত কোনো দেশে ভাৰতৰ প্ৰতি এনে দৃষ্টি দিবলৈ সাহস নকৰে।
তেও লগতে কয় যে, বাংলাদেশ ইমান মনযোগ দিয়া দেশৰ শাৰীত নপৰে। ভাৰতৰ সৈতে বেআইনী কাম কৰি ভাৰতক আক্ৰমণৰ কথা ভাবিবলৈকো বাংলাদেশৰ অতি কমেও ১৪বাৰ জনম লব লাগিব। ভাৰতৰ সৈতে বাংলাদেশৰ কোনো তুলনাই নহয়। বাংলাদেশ ভাৰতৰত তুলনাত অতি সৰু আৰু দুৰ্বল দেশ।
‘চিকেন নেক’ক লৈ বাংলাদেশক প্ৰত্যুত্তৰ দি কয় যে, কোনোবাই মানচিত্ৰখন ছপা কৰি দিলেই এটা নতুন সীমাৰ সৃষ্টি নহয়। এনে হোৱাহেতেন আমিও বাংলাদেশক অসমৰ বুলি দাবী কৰিব পাৰিলোহেতেন। এনে কথাবোৰৰ কোনো ভিত্তিয়েই নাই বুলি বক্তব্য ৰাখে মুখ্যমন্ত্ৰীগৰাকীয়ে।