২০২৫ বৰ্ষৰ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা প্ৰাপকৰ নাম ঘোষণা...

৩ গৰাকী চিকিৎসকক ন’বেল বঁটা প্ৰদান কৰা হৈছে। আমেৰিকাৰ ছিয়াটলৰ মেৰী ই ব্ৰুংকো, ছান ফ্ৰান্সিস্কোৰ ফ্ৰেড ৰেমছডেল আৰু জাপানৰ শ্বিমন ছাকাগুচিক এই বঁটা প্ৰদান কৰা হৈছে। 

New Update
1

ডিজিটেল ডেস্কঃ  সোমবাৰে ঘোষণা কৰা হ’ল ২০২৫ বৰ্ষৰ ন’বেল বঁটা প্ৰাপকৰ নাম।এইবেলি চিকিৎসা বিজ্ঞানৰ ৩ গৰাকী চিকিৎসকক এই সন্মান প্ৰদান কৰা হৈছে। আমেৰিকাৰ ছিয়াটলৰ মেৰী ই ব্ৰুংকো, ছান ফ্ৰান্সিস্কোৰ ফ্ৰেড ৰেমছডেল আৰু জাপানৰ শ্বিমন ছাকাগুচিক এই বঁটা প্ৰদান কৰা হৈছে। 

ব্ৰুংকো ইনষ্টিটিউট অৱ চিষ্টেমছ বায়’লজিৰ সৈতে জড়িত, আনহাতে ৰেমছডেল ছ’নোমা বায়’থেৰাপিউটিক্সৰ সৈতে জড়িত। আন এগৰাকী বঁটা প্ৰাপক ছাকাগুচি জাপানৰ ওছাকা বিশ্ববিদ্যালয়ত কৰ্মৰত।

এই তথ্য ন’বেল বঁটাৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰািছে। পোষ্টটোত প্ৰদান কৰা তথ্য অনুসৰি, মেৰী ই ব্ৰুনো আৰু ফ্ৰেড ৰেমছডেল আৰু জাপানৰ শ্বিমন ছাকাগুচিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা কেনেকৈ নিয়ন্ত্ৰিত হয় সেই বিষয়ে গৱেষণা কৰিছে। পেৰিফেৰেল ইমিউন টোলাৰেন্সৰ সৈতে জড়িত আৱিষ্কাৰৰ বাবে তিনিওজনক ন’বেল বঁটাৰে সন্মান জনোৱা হৈছে।

উল্লেখ কৰা প্ৰয়োজন যে, বিজয়ীসকলে ১ কোটি ১০ লাখ ছুইডিছ ক’ৰ’না, স্বৰ্ণ পদক আৰু প্ৰমাণ পত্ৰ লাভ কৰিব। অহা ১০ ডিচেম্বৰত ষ্টকহ’মত সকলো বিজয়ীক নোবেল বঁটা প্ৰদান কৰা হ’ব। ৭ অক্টোবৰত পদাৰ্থ বিজ্ঞান, ৯ অক্টোবৰ সাহিত্য, ১০ অক্টোবৰত শান্তিৰ লগতে ১৩ অক্টোবৰত অৰ্থনীতিৰ ন’বেল বঁটা ঘোষণা কৰা হ'ব।

নোবেল বঁটা