ডিজিটেল সংবাদ,জামুগুৰিহাটঃ শোনিতপুৰৰ ৰঙাপৰাত মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীৰে চলিছে এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়। সম্প্ৰতি এগৰাকী শিক্ষয়িত্ৰীয়ে একেটা সময়তে দুটাকৈ শ্ৰেণী কোঠাত থকা ছাত্ৰ-ছাত্ৰীক পাঠদান কৰিবলগীয়া হোৱা তথ্যই শিক্ষা বিভাগৰ প্ৰকৃত ফোপোলা স্বৰূপটো উদঙাই দিছে।
ৰঙাপৰাৰ ঘইৰালি চাহ বাগিচাত থকা চৰকাৰী প্ৰাথমিক বিদ্যালয়খনৰ নাম ধৰমজুলি প্ৰাথমিক বিদ্যালয়। বিদ্যালয়খনত থকা সৰ্বমুঠ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক মাত্ৰ এগৰাকী শিক্ষয়িত্ৰীয়ে বিভিন্ন সমস্যাৰ মাজেৰে পাঠদান কৰি আহিছে। বালিপৰা শিক্ষা খণ্ড কাৰ্যালয়ৰ অধীনত থকা বিদ্যালয়খনত পূজা দত্ত নামৰ শিক্ষয়িত্ৰী গৰাকীয়ে শ্ৰেণীকোঠাত শিক্ষকতা কৰি অহাৰ সমান্তৰালভাৱে বিভাগীয় সকলোবোৰ কাম-কাজ সম্পাদনা কৰিবলগীয়া হৈছে।
উল্লেখ্য যে ধৰমজুলি প্ৰাথমিক বিদ্যালয়খনত ২০১২ চনত তিনি গৰাকী শিক্ষক আছিল যদিও পৰৱৰ্তী সময়ত দুজন শিক্ষকৰ বদলি হয়। প্ৰায় ডেৰ বছৰ ধৰি পূজা দত্তই অকলশৰে শিক্ষা সেঁতু এপত বিদ্যালয়খনত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ সংখ্যা আপলোড কৰাৰ লগতে মধ্যাহ্ন ভোজনকে ধৰি বিভিন্ন চৰকাৰী কাম-কাজ কৰিবলগীয়া হোৱাত চাহ বাগিচা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰকৃত শিক্ষাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ উঠিছে।
ধৰমজুলি প্ৰাথমিক বিদ্যালয়খনত এজন শিক্ষক নিযুক্তি দি দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষা বিভাগে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হ'ব লক্ষণীয়।