পাকিস্তান সন্দৰ্ভত ছুপাৰ কেবিনেটত আলোচনা : ৰাজহুৱা কৰা নাই কোনো কথা...

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে নতুন দিল্লীত বহিছে ইখনৰ পাছত সিখন ছুপাৰ কেবিনেটৰ বৈঠক। এই বৈঠক মূলতঃ ভাৰত- পাকিস্তানৰ সম্পৰ্ক তথা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি ...

author-image
Asomiya Pratidin
আপডেট কৰা হৈছে
New Update
৯৪ বছৰৰ পাছত দেশত হ’ব জাতিগত লোকপিয়ল

ডিজিটেল ডেস্ক : দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত বুধবাৰে নতুন দিল্লীত বহিছে ইখনৰ পাছত সিখন ছুপাৰ কেবিনেটৰ বৈঠক। এই বৈঠক মূলতঃ ভাৰত- পাকিস্তানৰ সম্পৰ্ক তথা পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি আন কেতবোৰ বিষয় সম্পৰ্কত অনুষ্ঠিত হয়। 

Advertisment

নতুন দিল্লীত অনুষ্ঠিত হোৱা বৈঠকসমূহৰ ভিতৰত কেন্দ্ৰীয় কেবিনেটৰ সৈতে কেবিনেট কমিটী অন ছিকিউৰিটি, কেবিনেট কমিটি অন পলিটিকেল এফেয়াৰ্ছ আৰু কেবিনেট কমিটি অন ইকনমিক এফেয়াৰ্ছ অন্যতম আছিল। প্ৰধানমন্ত্ৰীৰ বাসগৃহত অনুষ্ঠিত হোৱা এই ছুপাৰ কেবিনেটৰ বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ, ৰাজনাথ সিং, এছ জয়শংকৰৰ উপৰিও সশস্ত্ৰ বাহিনীৰ মুৰব্বীয়ে অংশ লয়।

উল্লেখযোগ্য যে, ছুপাৰ কেবিনেটৰ বৈঠকত পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাকে ধৰি আন আন বিষয়সমূহ আলোচনা কৰা হয়। পিছে আন বিষয়সমূহৰ বিষয়ে ৰাজহুৱা কৰা হ’ল যদিও, পৰৱৰ্তী সময়ত পাকিস্তানৰ বিৰুদ্ধে ভাৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো কথা সদৰী কৰা নাই। 

উল্লেখযোগ্য যে, আজিৰ এই বৈঠকত লোৱা সিদ্ধান্তসমূহৰ বাবে দেশবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই আছিল আবেলি ৪-০০ বজালৈ। কিয়নো আবেলি সকলো সিদ্ধান্তৰ উপৰি মূল আলোচ্য বিষয়- পাকিস্তানৰ বিৰুদ্ধে গ্ৰহণ কৰা শেহতীয়া স্থিতি সম্পৰ্কে সংবাদ মাধ্যমৰ আগত অৱগত কৰাৰ কথা আছিল । 

কিন্তু তাৎপৰ্যপূৰ্ণভাৱে পাকিস্তানৰ সন্দৰ্ভত ভাৰতে গ্ৰহণ কৰা শেহতীয়া স্থিতি সম্পৰ্কে এতিয়ালৈকে অৱগত কৰা নাই। সংবাদ মাধ্যমক জনোৱা অনুসৰি কেন্দ্ৰীয় কেবিনেটে অতি শেহতীয়াকৈ গ্ৰহণ কৰিছে এক পদক্ষেপ। 

কেন্দ্ৰীয় মন্ত্ৰী অশ্বনী বৈঞ্চৱে সদৰী কৰা অনুসৰি সুদীৰ্ঘ ৯৪ বছৰৰ পাছত দেশত কৰা হ’ব জাতিগত লোকপিয়ল। দেশৰ জনগাঁথনিগত তথ্য সংগ্ৰহ প্ৰক্ৰিয়াত এক বৃহৎ পৰিৱৰ্তন ঘটাই কেন্দ্ৰীয় চৰকাৰে আগন্তুক ৰাষ্ট্ৰীয় লোকপিয়লত জাতি গণনাক অন্তৰ্ভুক্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে, ৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰিসংখ্যাত জাতিগত তথ্য অন্তৰ্ভুক্ত কৰাক লৈ বছৰ বছৰ ধৰি চলি থকা বিতৰ্কৰ পিছত এই সিদ্ধান্ত লোৱা হৈছে। 

প্ৰণিধানযোগ্য যে, দেশত অন্তিমবাৰৰ বাবে লোকপিয়ল ২০১১ চনত কৰা হৈছিল। অৱশ্যে তাৰ পৰৱৰ্তী লোকপিয়ল ২০২১ চনত হ’বলগীয়া আছিল যদিও ক’ভিড-১৯ মহামাৰীৰ বাবে পিছুৱাই দিয়া হৈছিল।

narendra modi india