/asomiyapratidin/media/media_files/2025/07/13/389-2025-07-13-12-39-45.jpg)
ডিজিটেল সংবাদ, ওৰাং : প্ৰচণ্ড গৰমে দহিছে এতিয়া ৰাজ্যবাসীক। কোনো কোনো ঠাইত যদি দেখা যদি দেখা গৈছে বানৰ সংহাৰ, আন কোনো ঠাইত পথাৰত মেলিছে চিৰাল ফাঁট।
বৰষুণৰ অভাৱত এতিয়া কৃষক ৰাইজে আকাশলৈ চাই বৰুণ দেৱতাক এজাক বৰষুণৰ বাবে প্ৰাৰ্থনা জনাবলগীয়া হৈছে। এফালে প্ৰচণ্ড গৰম, আনফালে খৰাং। শোণিতপুৰ জিলাৰ পাচনৈ গাঁৱৰ কৃষক ৰাইজে এতিয়া বৰষুণৰ অভাৱত মূৰে-কপালে হাত দিব লগা হৈছে ।
যাৰ বাবে পাচনৈ গাঁৱত ৰাইজে অনুষ্ঠিত কৰিলে ভেকুলীৰ বিয়া। ভেকুলীৰ বিয়া অসমীয়া কৃষক সমাজৰ এক লোকবিশ্বাস। ভেকুলী কৃষকৰ পৰম বন্ধু। লোকবিশ্বাস আৰু পৰম্পৰাগতভাৱে বাৰিষাৰ বতৰত বৰষুণ নাহিলে ইন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ চহা অসমীয়া কৃষক সমাজে অনুষ্ঠিত কৰে ভেকুলীৰ বিয়া।
শনিবাৰে নিশা শোণিতপুৰ জিলাৰ পাঁচনৈ গাঁৱত উলহ- মালহৰে অনুষ্ঠিত কৰিছে ভেকুলীৰ বিয়া। সম্পূৰ্ণ মাংগলিক প্ৰথাৰে বেদৰ মন্ত্ৰ আৰু আয়তীৰ উৰুলি, বিয়া নামৰে ভেকুলীক নোৱাই-ধুৱাই অনুষ্ঠিত কৰে বিয়াখন।
লোক বিশ্বাস মতে ভেকুলীৰ বিয়া পাতি বৰুণ দেৱতাক বৰষুণৰ বাবে আহ্বান জনায় পাঁচনৈ গাঁৱৰ ৰাইজে। গাঁওখনৰ মহিলা-পুৰুষ সকলোৱে একেলগ হৈ ভেকুলীৰ বিয়াৰ ৰীতি-নীতি পালন কৰে।
ভেকুলীৰ বিয়া উপলক্ষে বিয়া গীত গাই গাই, পানী ঢালি, ৰঙীণ কাপোৰত সজাই মৰমেৰে অনুষ্ঠিত কৰা হয় এই পৰম্পৰাগত আয়োজন। এই মান্যতাৰে ৰাইজে এতিয়া গ্ৰীষ্ম প্ৰৱাহৰ লগতে খৰাংসদৃশ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ বিচাৰি আয়োজন কৰিছে ভেকুলীৰ বিয়া।