/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/rohi.jpg)
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় আৱাস আৰু নগৰ পৰিক্ৰমা আৰু পেট্ৰ'লিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে নতুন দিল্লীত আশ্ৰয় লৈ থকা ৰোহিংগীয়া শৰণাৰ্থী সকলক লৈ কৰা ঘোষণাৰ পাছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনীতি। পুৰীয়ে শৰণাৰ্থী সকলক দিল্লীত ই ডব্লিউ এছ ফ্লেট আৰু সুৰক্ষা দিয়াৰ কথা ঘোষণা কৰিছিল।
কিন্তু তাৰ কিছু সময় পাছতেই এই ঘোষণা নসাৎ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে লগতে কয় যে দিল্লীৰ বাক্কাৰৱালাৰ ৰোহিংগীয়া সকলক ফ্লেট দিয়া সন্দৰ্ভত কোনো ধৰণৰ নিৰ্দেশ দিয়া হোৱা নাই। উল্লেখ্য যে, ৰোহিংগীয়া সকলক শৰণাৰ্থী হিচাপে গ্ৰহণ নকৰি কেন্দ্ৰই অবৈধ বিদেশী বুলি অভিহিত কৰি অহাৰ সময়তে কেন্দ্ৰীয় মন্ত্ৰীৰ এনে ঘোষণাই কেন্দ্ৰৰ দুই ভিন্ন স্থিতি উদঙাই দিছে।
ইয়াৰ পাছতেই কেন্দ্ৰ চৰকাৰ আৰু দিল্লী চৰকাৰৰ মাজত বৃদ্ধি পাইছে উত্তেজনা। দিল্লী চৰকাৰে অভিযোগ উত্থাপন কৰি কৈছে যে কেন্দ্ৰ চৰকাৰে গোপন ভাৱে ৰোহিংগীয়া সকলক স্থায়ী নিৱাসী কৰাৰ সিদ্ধান্ত লৈছে।
অন্যহাতে দিল্লী চৰকাৰক উভতি ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কয় যে ৰোহিংগীয়া সকলক ফ্লেট নহয়, দেশৰ পৰা বাহিৰ কৰাহে হ'ব। লগতে অবৈধ বিদেশীক বিতাড়ন নকৰা পৰ্যন্ত তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ ব্যৱস্থা কৰা হ'ব।
আৰু পঢ়ক: চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত চোৰাং কাঠ সহ ভূটানী ডাম্পাৰ জব্দ