কৃষকৰ হাহাকাৰ : ধাননি পথাৰত নাই ধান, আছে কেৱল পতান

ৰহাৰ শালমাৰা চেঙাজানত কৃষকৰ মাজত হাহাকাৰ। খেতি কৰিছে ঠিকেই, পিছে ধাননি পথাৰত নাই ধান আছে কেৱল পতান। অধিক উৎপাদনৰ আশাৰে মুৰৰ গাম মাটিত পেলায় কৃষকে কৰিছিল ধান খেতি। কিন্তু ধানৰ সলনি কৃষকৰ খেতিত ওলাল কেৱল পতান।

author-image
Asomiya Pratidin
New Update
ধাননি পথাৰত নাই ধান, আছে কেৱল পতান

ধাননি পথাৰত নাই ধান, আছে কেৱল পতান

ডিজিটেল সংবাদ, ৰহা: ৰহাৰ শালমাৰা চেঙাজানত কৃষকৰ মাজত হাহাকাৰ। খেতি কৰিছে ঠিকেই, পিছে ধাননি পথাৰত নাই ধান আছে কেৱল পতান। অধিক উৎপাদনৰ আশাৰে মুৰৰ গাম মাটিত পেলায় কৃষকে কৰিছিল ধান খেতি। কিন্তু ধানৰ সলনি কৃষকৰ খেতিত ওলাল কেৱল পতান।

অঞ্চলটোৰ আইনুল হক নামৰ লোকজনৰ প্ৰায় ৪ বিঘা মাটিৰ ধানৰ সলনি ওলাল পতান।  একেই অৱস্থা আন আন কৃষকৰো। যাৰ ফলত মূৰে কপালে হাত দিছে কৃষক সকলে। উপায়হীন কৃষকে চৰকাৰৰ ওচৰত সহায় বিচাৰে।

ধান খেতি কৃষক ৰহা