/asomiyapratidin/media/media_files/2025/07/29/gohpur-29-2025-07-29-13-11-59.jpg)
ডিজিটেল সংবাদ, ছয়দুৱাৰ: অনলাইন পদ্ধতিৰে চৰকাৰী কাম-কাজ ৰূপায়ন কৰি ৰাইজক খৰতকীয়া সকাহ দিয়াৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিলেও কিন্তু এই অনলাইন পদ্ধতি এতিয়া কলগ্ৰহত পৰিণত হৈছে গহপুৰত। গহপুৰ সমজিলাৰ অন্তৰ্গত গহপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ ইণ্টাৰনেট সেৱা যোৱা দুমাহ ধৰি একেৰাহে বিকল হৈ থকা কাৰ্য্যই বাৰুকৈয়ে জ্বলাকলা খোৱাইছে গহপুৰ ৰাজহ চক্ৰ এলেকাৰ ৰাইজক।
এনেদৰে দুমাহ ধৰি কাৰ্য্যলয়টোৰ ইণ্টাৰনেট সেৱা বিকল হৈ থকাৰ বাবে এতিয়া ধৈৰ্য্যৰ বান্ধ সুলকিছে ভুক্তভোগী ৰাইজৰ।উল্লেখযোগ্য যে-পূৰ্বৰে পৰা এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়ৰ গুৰুত্ব কিমান সেয়া সকলোৱে ভালদৰে জানে।
ইণ্টাৰনেট সেৱা উপলব্ধ হোৱাৰ পিছৰে পৰা ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ কাম পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পালে।মাটি-বাৰী সংক্ৰান্তীয় কামৰ উপৰিও আন বহু কামৰ সৈতে সংপৃক্ত হৈ থাকে এটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্য্যলয়।
তেনেক্ষেত্ৰত একেৰাহে দুমাহ ধৰি গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ ইণ্টাৰনেট সেৱা দুমাহ ধৰি বিকল হৈ থকাত ৰাইজে কিমান দুৰ্ভোগ ভূগিবলগীয়া হৈছে সেয়া সহজেই অনুমেয়। ইণ্টাৰনেট সেৱা বিকল হৈ থকাৰ বাবে কাৰ্য্যলয়টোৰ জৰিয়তে অনলাইন পদ্ধতিৰে হ'বলগীয়া সকলো কাম বন্ধ হৈ আছে বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে-গহপুৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যলয়ৰ ইণ্টাৰনেট সেৱা বিকল হৈ থকাৰ বাবে জমাবন্দী, ট্ৰেছ মেপ, নামজাৰী, উত্তৰাধিকাৰী, নাম সংশোধনী, এন অ' চি, বাটোৱাৰা, জন্ম-মৃত্যুৰ প্ৰমাণ পত্ৰ, জাতিগত প্ৰমাণ পত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ, মাটি কিনা-বেচাৰ অনুমতিৰ বাবে জনোৱা আবেদন এতিয়া দম লাগি পৰি আছে কাৰ্য্যলয়টোত। যাৰ ফলত আবেদনকাৰী ৰাইজ এতিয়া অতিষ্ঠ হৈ পৰিছে।
ইয়াৰ ভিতৰত বহু জৰুৰী আবেদনো আছে যদিও বিকল ইণ্টাৰনেটৰ বাবে আবেদনকাৰী ৰাইজে সমাধানৰ কোনো উপায় উলিয়াব পৰা নাই।ইপিনে-শৈক্ষিক ক্ষেত্ৰৰ বাবে লাগতিয়াল জাতিগত প্ৰমাণ পত্ৰ, বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰ আদি যথা সময়ত নোপোৱাৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে বহু ছাত্ৰ-ছাত্ৰীয়ে।
কাৰ্য্যলয়টোত দুমাহ ধৰি অব্যাহত থকা এনে অচলাৱস্থাৰ বিষয়ে চক্ৰ বিষয়া মনিষ ভড়ালীয়ে ইতিমধ্যে কেইবাবাৰো উদ্ধৰ্তম কৰ্তৃপক্ষক জনাইছে যদিও এইক্ষেত্ৰত কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই।কাৰ্য্যলয়টোৰ অচলাৱস্থাৰ প্ৰতি উদ্ধৰ্তম কৰ্তৃপক্ষই অকণো গুৰুত্ব নিদিয়া দেখি ভুক্তভোগী ৰাইজে মেকুৰীৰ ডিঙিত টিলিঙা কোনে আঁৰিব বুলি প্ৰশ্ন উথাপন কৰিবলৈ বাধ্য হৈছে।