এইবাৰ অনলাইনত বিনামূলীয়াকৈ চাব নোৱাৰিব আই পি এলৰ মেচ

আসন্ন আই পি এল- ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে অনলাইন দৰ্শকৰ বাবে এটি দুঃখবৰ ! দৰ্শকে এইবাৰ অনলাইন মাধ্যমত বিনামূলীয়াকৈ চাব নোৱাৰিব আই পি এল ২০২৫ৰ মেচ। 

author-image
Asomiya Pratidin
New Update
tata ipl

tata ipl

ডিজিটেল ডেস্ক : আসন্ন আই পি এল- ২০২৫ আৰম্ভ হোৱাৰ পূৰ্বে অনলাইন দৰ্শকৰ বাবে এটি দুঃখবৰ ! দৰ্শকে এইবাৰ অনলাইন মাধ্যমত বিনামূলীয়াকৈ চাব নোৱাৰিব আই পি এল ২০২৫ৰ মেচ। 

Advertisment

পূৰ্বৰ দৰে বিনামূলীয়াকৈ অনলাইন প্লেটফৰ্মত চাব নোৱাৰিব লাইভ ষ্ট্ৰিমিং মেচ। কিয়নো হটষ্টাৰ আৰু জিঅ’ একলগ হোৱাৰ পাছত এই খবৰ ৰাজহুৱা কৰা হৈছে। জিঅ’ষ্টাৰত ধন পৰিশোধ কৰিলেহে দৰ্শকে চাব পাৰিব লাইভ ষ্ট্ৰিমিং মেচ। 

অৱশ্যে কিছু মিনিট বিনামূলীকৈ মেচ দেখুৱাব যদিও তাৰ পাছতে ছাবস্ক্ৰিবশ্যনৰ নটিফিকেশ্যন আহিব আৰু ছাবস্ক্ৰাইব কৰিব লাগিব উপভোক্তাই। তাৰ বাবে আপুনি পৰিশোধ কৰিব লাগিব ন্যূনতম ১৪৯ টকা। তেতিয়াহে অনলাইনযোগে চাব পাৰিব আই পি এলৰ লাইভ ষ্ট্ৰিমিং মেচ।

ipl