/asomiyapratidin/media/media_files/2025/05/05/ITsCEzVPTqLYLwNKX8WY.jpg)
আৰক্ষীয়ে লোৱা নাই ব্যৱস্থা
ডিজিটেল, সংবাদ : পঞ্চায়ত নিৰ্বাচনৰ হিংসাৰ দাৱানলে দহিছে ধেমাজি জিলাৰ জোনাই বিধানসভা সমষ্টিত ৷ সমষ্টিটোত দেওবাৰে এজন লোকৰ মৃত্যুৰ ঘটনাৰ প্ৰতিক্ৰিয়া মাৰ নৌযাওঁতেই সোমবাৰে দুপৰীয়া ধেমাজি প্ৰেছ ক্লাৱত চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে সংবাদমেল পাতি ক্ষোভ উজাৰিলে অকাজান পঞ্চায়তৰ শান্তিপুৰ আৰু বাঙালী গাৱৰ বাসিন্দাই।
উল্লেখ্য য়ে ২ মে’ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ নিশাৰ ভাগত অকাজান গাঁৱৰ গজেন হাজৰিকা নামৰ লোকজনক এটা গুণ্ডা বাহিনীৰ দলে প্ৰাণ নাশি আক্ৰমণ কৰাৰ চেষ্টা চলাই যদিওঁ সৌভাগ্যক্ৰমে ৰক্ষা পৰা হাজৰিকাক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালত ভৰ্তি কৰাই পৰিয়ালে ৷ ঘটনাৰ পিছতে নিশাৰ পৰিয়ালৰ লোকে চিলাপথাৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে যদিও চিলাপথাৰ আৰক্ষীয়ে কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে ৷
সমান্তৰালভাৱে একেটা দিনতেই কালু মালা নামৰ লোকজনৰ পৰিয়ালক একেটা গুণ্ডা বাহিনীয়ে মৃত্যুৰ ভাবুকি প্ৰদান কৰাত শংকিত পৰিয়ালটোৱে চিলাপথাৰ আৰক্ষী থানাত আন এখন এজাহাৰ দাখিল কৰে। এনে ঘটনাৰ পিছতো চিলাপথাৰ আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহন নকৰাত উপায়ন্তৰ হৈ যোৱা কালি ধেমাজি জিলা আৰক্ষী অধীক্ষকক এই বিষয়ে অৱগত কৰে ৷
ঘটনাৰ তিনিটা দিনৰ পিছতো অপৰাধীৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত ভুক্তভোগী আৰু অভিযোগ কাৰী ৰাইজে চিলাপথাৰ আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ হস্তক্ষেপৰ দাবী কৰিছে।