'কোনো দেশত ১০০ শতাংশ ফুলপ্ৰুফ চোৰাংচোৱা ব্যৱস্থা থাকিব নোৱাৰে'

'কোনো দেশত ১০০ শতাংশ ফুলপ্ৰুফ চোৰাংচোৱা ব্যৱস্থা থাকিব নোৱাৰে'। দেওবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা শশী থাৰুৰে।

author-image
Asomiya Pratidin
New Update
পহলগামৰ ঘটনাক হামাছৰ আক্ৰমণৰে তুলনা

পহলগামৰ ঘটনাক হামাছৰ আক্ৰমণৰে তুলনা

ডিজিটেল ডেস্ক: 'কোনো দেশত ১০০ শতাংশ ফুলপ্ৰুফ চোৰাংচোৱা ব্যৱস্থা থাকিব নোৱাৰে'। দেওবাৰে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে কংগ্ৰেছৰ জেষ্ঠ নেতা শশী থাৰুৰে।

Advertisment

এই সন্ত্ৰাসবাদী আক্ৰমণক চোৰাংচোৱাৰ ব্যৰ্থতা বুলি অভিহিত কৰি ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সৈতে তুলনা কৰে থাৰুৰে।  কংগ্ৰেছী নেতাগৰাকীয়ে সদৰি কৰে যে, ‘ এই আক্ৰমণক লৈ স্পষ্টভাৱে সম্পূৰ্ণ নিৰ্ভৰযোগ্য চোৰাংচোৱা তথ্য নাছিল। ইয়াত নিশ্চিতভাৱে কিছু ব্যৰ্থতাও হৈছিল। আমাৰ হাতত আছে ইজৰাইলৰ উদাহৰণ, যিখন বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ চোৰাংচোৱা সেৱাৰ বাবে পৰিচিত দেশ। কিন্তু ইজৰাইলে দুবছৰ পূৰ্বে ৭ অক্টোবৰত আকস্মিক আক্ৰমণৰ সন্মুখীন হৈছিল। কোনো দেশত কেতিয়াও ১০০ শতাংশ ফুলপ্ৰুফ বুদ্ধিমত্তা থাকিব নোৱাৰে।”

তেওঁ লগতে উল্লেখ কৰে যে," বহু সময়ত সন্ত্ৰাসবাদী আক্ৰমণ সফলভাৱে ৰোধ হ’লে আলোচনা নহয়। কিন্তু বিফলতা আহিলে সকলোৰে বাবে স্পষ্ট হৈ পৰে। সন্ত্ৰাসবাদী আক্ৰমণৰ বিষয়ে আমি কেতিয়াও জানিব নোৱাৰো, যিবোৰ সফলতাৰে প্ৰতিৰোধ কৰা হয়" বুলি কংগ্ৰেছ নেতাগৰাকীয়ে কয়। "আমি কেৱল সেইবোৰৰ তথ্য পাওঁ যিবোৰক ৰখাব পৰা নাছিল। এই কথা প্ৰতিখন দেশতে সাধাৰণ কথা। হয়, কিছু ব্যৰ্থতাও হৈছে। মোৰ বিশ্বাস বৰ্তমান আমাৰ গুৰুত্ব এইখিনিতে হ’ব নালাগে" বুলি মন্তব্য প্ৰকাশ কৰে শশী থাৰুৰে।

 

হামাছ চোৰাংচোৱা সংস্থা শশী থাৰুৰ