কংগ্ৰেছত ৰাহুলৰ বাহিৰে অধ্যক্ষ পদৰ বাবে আন কোনো বিকল্প নাইঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা…

 কংগ্ৰেছত ৰাহুলৰ বাহিৰে অধ্যক্ষ পদৰ বাবে আন কোনো বিকল্প নাইঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা…

author-image
asomiyapratidin
New Update
 কংগ্ৰেছত ৰাহুলৰ বাহিৰে অধ্যক্ষ পদৰ বাবে আন কোনো বিকল্প নাইঃ জ্যেষ্ঠ কংগ্ৰেছ নেতা…

ডিজিটেল ডেস্কঃ শেহতীয়াভাবে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছিল গোলাম নবী আজাদে। জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্ষীয়ান কংগ্ৰেছ নেতা গোলাম নবী আজাদে দলটোৰ বিভিন্ন কামত অতিষ্ঠ হৈ দল ত্যাগ কৰিছিল।

আনুষংগিক কাৰণবোৰৰ মাজতে দলে ৰাহুল গান্ধীকলৈ ব্যস্ত থকা কাৰ্যক মুঠেই সহ্য কৰিব পৰা নাছিল আজাদে।। যাৰ বাবে দল ত্যাগ কৰিবলৈ বাধ্য হৈছিল গোলাম নবী আজাদ।

তাৰ মাজতে কংগ্ৰেছৰ প্ৰাক্তন মন্ত্ৰী তথা ৰাজ্যসভাৰ সাংসদ মল্লিকাৰ্জুন খাৰ্গেৰ মন্তব্যই বিষেশ চৰ্চা লাভ কৰিছে। সূত্ৰ অনুসৰি জানিব পৰা মতে খাৰ্গে কয় যে ৰাহুল গান্ধীক যিকনো উপায়েৰে কংগ্ৰেছৰ সভাপতি পাতিবলৈ চেষ্টা কৰিব লাগে। তেওঁৰ বাহিৰে আনৰ কথা ভাবিব নোৱাৰি,দলত ৰাহুলৰ বিকল্প কোনো নাই।

rahul gandhi congress golam nabi azad