/asomiyapratidin/media/media_files/2025/04/25/jmHxJ8c3gijY16mnvQHk.jpg)
ভিন্ন প্ৰান্তত প্ৰতিবাদ
ডিজিটেল ডেস্ক : কাশ্মীৰৰ পেহেলগামত নিৰীহ লোকৰ জীৱন কাঢ়ি নিয়া সন্ত্ৰাসবাদীৰ আক্ৰমণক তীব্ৰ গৰিহণা জনাইছে ধুবুৰী অধিবক্তা সন্থাই। শুকুৰবাৰে ধুবুৰী অধিবক্তা সন্থাৰ সভাপতি এন আই চৌধুৰী আৰু সম্পাদক কামাল উদ্দিন আহমেদৰ পৰিচালনাত ধুবুৰী অধিবক্তা সন্থাৰ অধিবক্তা সকলে কাশ্মীৰৰ পেহেলগামত নিহত হোৱা নিৰীহ লোকসকললৈ গভীৰ শ্ৰদ্ধা নিবেদন কৰি মৃতকৰ আত্মাৰ সদগতি কামনাৰ্থে এক মিনিট মৌনতা অৱলম্বন কৰে। আনহাতে, ধুবুৰী উকীল সন্থাই কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে চলোৱা নৃশংস আক্ৰমণৰ ঘটনাক লৈ তীব্ৰ প্ৰতিবাদো সাব্যস্ত কৰে।
ইফালে পাকিস্তান মুৰ্দাবাদ ,পাকিস্তান নিপাত যাওঁক ধ্বনিৰে মুখৰিত হ'ল শোণিতপুৰৰ বালিপৰা। কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে কৰা নৃশংস হত্যাকাণ্ডৰ বিৰুদ্ধে বালিপৰাৰ জামে মজজিদত মুছলিম সমাজে ক'লাবেজ পৰিধান কৰি পাকিস্তান বিৰুদ্ধে এনেধৰনে প্ৰতিবাদ সাব্যস্ত কৰে।