অসুস্থ এন এছ চি এন আই এমৰ মুৰব্বী থুইগালেং মুইভাঃ আই চি ইউত চিকিৎসাধীন...

বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটৰ সাধাৰণ সম্পাদক তথা মুৰব্বী থুইগালেং মুইভাক আজি সন্ধিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে।  উশাহ লোৱাত সমস্যাৰ সন্মুখীন হৈছে তেওঁ।

author-image
Asomiya Pratidin
New Update
অসুস্থ এন এছ চি এন আই এমৰ মুৰব্বী থুইগালেং মুইভাঃ আই চি ইউত চিকিৎসাধীন...

ডিজিটেল সংবাদ বেকাজানঃ নগা বিদ্ৰোহী সংগঠন এন এছ চি এন ইশ্বাক-মুইভা গোটৰ সাধাৰণ সম্পাদক তথা মুৰব্বী থুইগালেং মুইভাক আজি সন্ধিয়া হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে তেওঁৰ উশাহ লোৱাত সমস্যা হোৱাত ডিমাপুৰৰ খ্ৰীষ্টান ইনষ্টিটিউট অফ হেলথ চাইন্স এণ্ড ৰিচাৰ্ছ অৰ্থাৎ ৰেফাৰেল হাস্পালত ভৰ্তি কৰোৱা হৈছে ।

এন এছ চি এনৰ এগৰাকী শীৰ্ষ নেতাই জানিবলৈ দিয়া মতে ৯১ বছৰীয়া  থুইগালেং মুইভাইৰ  বয়সৰ লগত জড়িত স্বাস্থ্য জনিত সমস্যাৰ বাবে তেওঁ উশাহ-নিশাহ লোৱাত অসুবিধাৰ সন্মুখীন হৈছে।  বয়সীয়াল বিদ্ৰোহী নেতাগৰাকীয়ে দিনৰ ১২:৩০ বজাত উশাহ লোৱাত কষ্ট হোৱাত  শৰীৰত অক্সিজেনৰ পৰিমাণ হ্ৰাস পায় ।

লগে লগেই দুপৰীয়া  ডিমাপুৰৰ চাৰি মাইলত থকা  খ্ৰীষ্টান ইনষ্টিটিউট অফ হেলথ চাইন্স এণ্ড ৰিচাৰ্ছৰ ৰেফাৰেল হাস্পালত ভৰ্তি কৰায় । চিকিৎসকসকলে এন এছ চি এনৰ মুৰব্বী মুইভাক প্ৰথমে জৰুৰী কক্ষত ভৰ্তি কৰাই যদিও উশাহ লোৱাত অসুবিধা পোৱাত ততালিকে আই চি ইউলৈ হস্তান্তৰ কৰে ।  

বৰ্তমান মুইভাক চিকিৎসালয়খনৰ বিশেষজ্ঞ চিকিৎসকৰ দলে চিকিৎসা আৰু নিৰীক্ষণ অব্যাহত ৰাখিছে ।  ইফালে এন এছ চি এনৰ মুৰব্বী থুইগালেং মুইভা গুৰুতৰভাৱে অসুস্থ হৈ চিকিৎসালয় ভৰ্তি হোৱাৰ খবৰ প্ৰকাশ পোৱাৰ পিছত ৰেফাৰেল হাস্পালত নগা আৰক্ষী আৰু সেনা বাহিনী মোতায়ন কৰি নিৰাপত্তা বৃদ্ধি কৰা হৈছে । 

ডিমাপুৰ এন এছ চি এন