NMMS পৰীক্ষাত ধুবুৰীৰ এখন বিদ্যালয়ৰ সাফল্য…

NMMS পৰীক্ষাত ধুবুৰীৰ এখন বিদ্যালয়ৰ সাফল্য…

author-image
asomiyapratidin
New Update
NMMS পৰীক্ষাত ধুবুৰীৰ এখন বিদ্যালয়ৰ সাফল্য…

ডিজিটেল সংবাদ, ধুবুৰীঃ 2020-21 বৰ্ষৰ National Means cum Merit Scholarship (NMMS) পৰীক্ষাৰ ফলাফলত ধুবুৰী জিলাৰ ভিতৰত আটাইতকৈ অধিক সংখ্যক পৰীক্ষাৰ্থীৰ উত্তীৰ্ণৰে অঞ্চলটোলৈ সুখবৰ কঢ়িয়াই আনিলে ধুবুৰী জিলাৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ২২ গৰাকীকৈ ছাত্র-ছাত্ৰীয়ে। অসম চৰকাৰৰ দ্বাৰা পৰিচালিত উক্ত পৰীক্ষাৰ ধুবুৰী জিলাখনত মাত্ৰ দুখন পৰীক্ষা কেন্দ্র আছে- এখন আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু আনখন ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়, বিলাসীপাৰা। ইয়াৰে আগমনী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰৰ পৰা মুঠ উত্তীর্ণ ৭৮ পৰীক্ষাৰ্থীৰ ২২ গৰাকী হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র।

Advertisment

২০২০ চনৰ ১৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাটোৰ যোৱা ১০ মাৰ্চত ঘোষিত ফলাফলত জিলাখনৰ ভিতৰত আটাইতকৈ অধিক নম্বৰ লাভ কৰে কঠালতলী এম, ই, স্কুলৰ ছাত্ৰ মিছবাহুল আহমেদে। আগমনী পৰীক্ষা কেন্দ্রৰ ভিতৰত ২য় স্হান দখল কৰে হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দুগৰাকীকৈ পৰীক্ষাৰ্থী আলিমা খাতুন আৰু ধৈৰ্য সিন্ধু ৰায়ে। পৰীক্ষাটোত সফল হোৱা সকলো ছাত্ৰ-ছাত্ৰীলৈ আমি অভিনন্দন জনোৱাৰ লগতে ভৱিষ্যত মঙ্গল কামনা কৰিলোঁ ।