নাগালেণ্ডৰ নিউলেণ্ড জিলা ইনাৰ লাইন পাৰ্মিটৰ অধীনলৈ...

অনা খিলঞ্জীয়া লোকে জিলাখনত প্ৰৱেশৰ পূৰ্বে গ্ৰহণ কৰিব লাগিব পাৰ পত্ৰ

author-image
Asomiya Pratidin
New Update
নাগালেণ্ডৰ নিউলেণ্ড জিলা ইনাৰ লাইন পাৰ্মিটৰ অধীনলৈ...

Nagaland

ডিজিটেল সংবাদ ডিমাপুৰঃ এক জাননীৰ জৰিয়তে নাগালেণ্ড চৰকাৰে নিউলেণ্ড জিলাক অহা ১ অক্টোবৰ ২০২২ ৰ পৰা কাৰ্যকৰী হোৱাকৈ ইনাৰ লাইন পাৰ্মিটৰ অধীনলৈ আনিছে। ইয়াৰ লগে লগে অনা খিলঞ্জীয়া লোকসকলে নাগালেণ্ডৰ ইনাৰ লাইন পাৰ্মিট এলেকাত প্ৰৱেশ কৰাৰ পূৰ্বে ইনাৰ লাইন পাৰ্মিট ল’ব লাগিব।

Advertisment

উল্লেখ্য যে, নিউলেণ্ড জিলা ইনাৰ লাইন পাৰ্মিটৰ অধীনলৈ অহা নাছিল। ১৯৭৯ ৰ ২১ নৱেম্বৰত এই নিউলেণ্ড জিলাকৰ ট্ৰাইবেল বেল্ট হিচাপে গঠন কৰা হৈছিল। জাননীখনত কোৱা হৈছে যে, নিউলেণ্ড জিলাৰ মাজেৰে আন ৰাজ্যলৈ যিসকল লোকে ট্ৰেঞ্জিট যাত্ৰী হিচাপে যোৱা আৰু বৈধ টিকট থকা যিকোনো অনা খিলঞ্জীয়া লোকে ইনাৰ লাইন পাৰ্মিট লোৱাৰ প্ৰয়োজন নহ’ব।

nagaland new delhi