জাতিক সমৃদ্ধ কৰাত শংকৰদেৱৰ পিছতেই কলাগুৰুৰ স্থানঃ নিতুমনি শইকীয়া

"মহাপুৰুষ জনাই যি ধৰনে অসমীয়া ভাষা সংস্কৃতিৰ পৰা সামাজিক প্ৰক্ৰিয়ালৈকে এটা পৰিবেশৰ সৃষ্টি কৰিছিল ঠিক একেধৰনে কলাগুৰু জনাই সৰ্বাঙ্গীণ বিকাশৰ জৰিয়তে অসমীয়া জাতিক সমৃদ্ধ কৰিছিল৷"

author-image
Asomiya Pratidin
New Update
নিতুমনি শইকীয়া

ডিজিটেল সংবাদ,কলিয়াবৰঃ "অসমীয়া জাতি চহকী আৰু সমৃদ্ধ কৰাৰ ক্ষেত্ৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পিছতেই স্থান দিম কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক ৷ মহাপুৰুষ জনাই যি ধৰনে অসমীয়া ভাষা সংস্কৃতিৰ পৰা সামাজিক প্ৰক্ৰিয়ালৈকে এটা পৰিবেশৰ সৃষ্টি কৰিছিল ঠিক একেধৰনে কলাগুৰু জনাই সৰ্বাঙ্গীণ বিকাশৰ জৰিয়তে অসমীয়া জাতিক সমৃদ্ধ কৰিছিল। বহু নমস্য মনিষী আছে সকলোকে আমি শ্ৰদ্ধা কৰো কিন্তু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্থান মোৰ বাবে সুকীয়া ৷ শিল্পী,সাহিত্যিক,বিপ্লৱী,ৰাজনীতিকৰে পৰা সকলো সত্বা কলাগুৰুৰ মাজত বিচাৰি পোৱা যায় ৷" কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন আলোকপাত কৰি এই মন্তব্য প্ৰকাশ কৰে প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক নিতুমনি শইকীয়াই ৷ 

Advertisment

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কলিয়াবৰ জিলা সমিতিয়ে দিনজোৰা কাৰ্যসূচীৰে হাটবৰস্থিত কলিয়াৱৰ উচ্চতৰ ম্যধ্যমিক বালিকা বিদ্যালয় প্ৰাংগনত  আয়োজিত বিষ্ণুৰাভা দিৱসত মুখ্য অতিথিৰ ভাষণত নিতুমনি শইকীয়াই লগতে কয়, "তাহানি বিষ্ণু প্ৰসাদ ৰাভাই দক্ষ ৰাজনৈতিক ব্যক্তি হিচাপে চানেকি দাঙি ধৰি থৈ গৈছে ৷ বিৰোধীৰ আসনত থাকিও কলাগুৰুৰ নেতৃত্বত বিধায়কৰ প্ৰতিবাদত সেও মানি তদানীন্তন মূখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাই জ্যোতি চিত্ৰবন স্থাপন কৰিবলৈ বাধ্য হৈছিল। কিন্তু সাম্প্ৰতিক সময়ত বিধানসভাৰ মজিয়াত জাত-পাতৰ ৰাজনীতি,গৰু-গাহৰিৰ মঙহৰ বিতৰ্কই পৰিৱেশ কলুষিত কৰিছে।"

সৰ্বমুঠ ১৪৫ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্দ্ধনা জনোৱা ৰাভা দিৱসৰ উক্ত কাৰ্যসূচীক শিক্ষাৰ্থী আৰু অভিভাৱক সকলক উদ্দেশ্যি প্ৰতিদিন টাইমৰ মূখ্য সম্পাদক গৰাকীয়ে কয়, "ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকল বৰ্তমান মাৰ্কশ্বিট নিৰ্ভৰশীল ৷ এয়া শুভ সংকেট নহয় ৷ ভাল নম্বৰ পালেই সফল মানুহ হোৱাটো নুবুজাই ৷ ৰে'লগাড়ী চলিবলৈ যিদৰে সমতুল্য দুডাল ছিৰিৰ প্ৰয়োজন ঠিক তেনেদৰে জীৱনটো সফল ভাৱে আগুৱাই নিৱলৈ হ’লে মূল্যয়ন আৰু মূল্যবোধ  দুয়োটাই সমতুল্য হৈ থাকিব লাগিব৷"

WhatsApp Image 2025-06-20 at 9.43.49 PM

অনুষ্ঠানৰ পুৱা জিলা সভাপতি চন্দন শইকীয়াই পতাকা উত্তোলনৰে দিৱসৰ কাৰ্যসূচী মুকলি কৰাৰ পাছত শ্বহীদ তর্পন কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক মৃগাংক বৰাই। পৰিষদৰ কেন্দ্ৰীয় উপদেষ্টা প্ৰদীপ লস্কৰে সতীর্থ স্মৰণ কাৰ্যসূচীৰ পাতনি মেলাৰ পাছতে কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ প্ৰতিছবিত মাল্যার্পণ
কৰে বিদ্যালয়ৰ অধ্যক্ষ সঞ্জীৱ হাজৰিকাই। অনুষ্ঠানত বৃক্ষ ৰোপন কাৰ্যসূচী মুকলি কৰে কলিয়াবৰ প্ৰেছ ক্লাৱৰ সভাপতি তৰুণ মুক্তিয়াৰে। ইয়াৰ পাছতে ছাত্র ছাত্ৰী সকলৰ মাজত আয়োজন কৰা চিত্রাঙ্কন প্রতিযোগিতা উদ্বোধন কৰে মিন্টুমণি ৰাজখোৱাই। 

দুপৰীয়া কলাগুৰু বিষ্ণু প্রসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি বিশেষ অভিনন্দন আৰু সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানত কেন্দ্ৰীয় সমিতিৰ সভাপতি পলাশ চাংমাইয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিষ্ণু ৰাভাৰ আদৰ্শৰে খিলঞ্জীয়াৰ বাবে ভূমিৰ অধিকাৰ সুনিশ্চিত কৰিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰে ৷ অনুষ্ঠানটোত কেন্দ্রীয় সমিতিৰ মুখ্য উপদ্দেষ্টা ৰাণা প্রতাপ বৰুৱাই আমন্ত্রিত অতিথি হিচাপে অংশগ্ৰহণ কৰে। উক্ত অনুষ্ঠানত কৃতীমান সকলক অভিনন্দন জনোৱাৰ লগতে শৰৎ শ‌ইকীয়া, সমুদ্ৰ বৰদলৈ সৰ্বেশ্বৰ শ‌ইকীয়া সহ পাঁচ গৰাকী বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।

WhatsApp Image 2025-06-20 at 9.43.50 PM (1)

আনহাতে, কলিয়াবৰ  শাখা সাহিত্য সভাৰ উদ্যোগতো কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সহযোগত আৰু শালনা চাহ বাগিচা সাংস্কৃতিক মঞ্চ তথা স্থানীয় ৰাইজৰ ব্যৱস্থাপনাত দিনযোৰা কাৰ্যসূচীৰে শালনা চাহ বাগিচা দুৰ্গা মন্দিৰ প্ৰাঙ্গনত বিষ্ণু ৰাভা দিৱস উদযাপন কৰে। পুৱা ৯ বজাত আয়োজিত অনুষ্ঠানৰ সভাপতিসকলে পতাকা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচী অংশ লোৱাৰ পিছতেই লেখিকা সমাৰোহ সমিতিৰ উদ্যোগত ২০ বছৰ বয়সৰ উৰ্ধৰ মহিলা সকলৰ মাজত বিষ্ণু ৰাভা সঙ্গীত প্ৰতিযোগিতা আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাঙ্কন প্ৰতিযোগিতা‌ অনুষ্ঠিত হয়।

WhatsApp Image 2025-06-20 at 9.43.51 PM

বিয়লি ১ বজাত কলিয়াবৰ শাখা সাহিত্য সভাৰ সভাপতি দিলীপ কুমাৰ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সাহিত্যিক তথা কলিয়াবৰ শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি গুণীন  হাজৰিকাই সন্মানীয় অতিথি হিচাপে ড০ ইন্দ্ৰজিৎ বেজবৰুৱা আৰু ডাঃ প্ৰাণজিৎ প্ৰাণ বৰুৱাই নিদিষ্ট বক্তা ৰূপে উপস্থিত থাকি বক্তব্য আগবঢ়ায়। অনুষ্ঠানত কৰম প্ৰসাদ শইকীয়া, গজেন ভূঞা আৰু ৰুণু ভূঞাক সম্বৰ্দ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত কলিয়াবৰ শাখা সাহিত্য সভা, কলিয়াবৰ জিলা লেখিকা সমাৰোহ সমিতি, কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ লগতে শালনা চাহ বাগিচা সাংস্কৃতিক মঞ্চ তথা স্থানীয় ৰাইজে অংশ গ্ৰহণ কৰে। 

কলিয়াবৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষ্ণু ৰাভা দিৱস নিতুমনি শইকীয়া