Advertisment

বিহাৰত চাচা-ভতিজাৰ চৰকাৰ

বিহাৰত চাচা-ভতিজাৰ চৰকাৰ

author-image
asomiyapratidin
New Update
বিহাৰত চাচা-ভতিজাৰ চৰকাৰ

ডিজিটেল ডেস্ক: যি সময়ত সমগ্ৰ দেশতে বিজেপিয়ে অধিপত্য বিস্তাৰ কৰিছিল সেই সময়ত বিজেপিক শলঠেগত পেলাই পদত্যাগ কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। জনতা দল(ইউনাইটেড)যে এন ডি এৰ লগত থকা মিত্ৰতা ভংগ কৰি পদত্যাগ কৰে। লগতে বিহাৰত নতুন চৰকাৰৰ দাবী জনাই ১৬৪ জন বিধায়কৰ সমৰ্থনৰ এখন চিঠি ৰাজ্যপালক প্ৰদান কৰে জে ডি ইউ নেতা গৰাকীয়ে।

Advertisment

এন ডি এৰ লগত মিত্ৰতা ভংগ কৰিয়েই নীতিশ কুমাৰে আৰ জে ডি, কংগ্ৰেছ সহিত ৭ টা দলৰ লগত মহাগটবন্ধন কৰে। ২০২০ চনত অনুষ্ঠিত হোৱা বিহাৰ বিধান সভা নিৰ্বাচনত জে ডি ইউয়ে ১১৫ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি মাত্ৰ ৪৩ খন আসনত জয় লাভ কৰিছিল। বিজেপিয়ে ৭৪ খন আসনত জয় লাভ কৰাৰ পাছতো নীতিশ কুমাৰক এৰি দিব লগা হৈছিল মুখ্যমন্ত্ৰী হিচাপে।

সেই নীতিশ কুমাৰেই বিজেপিৰ সংগ এৰি কংগ্ৰেছ, আৰ জে ডি সহ আন বিৰোধী দলৰ লগত মিত্ৰতা কৰি চৰকাৰ গঠনৰ বাবে আগবাঢ়িছে। উল্লেখ্য যে, বিগত কেইটামান দিনত বিজেপিৰ কেইবাখনো সভাত উপস্থিত নাছিল নীতিশ কুমাৰ। তদুপৰি নীতি আয়োগৰ অনুষ্ঠানতো উপস্থিত নাছিল নেতা গৰাকী।

বুধবাৰে পুনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱণা আছে নীতিশ কুমাৰৰ। উল্লেখ্য যে, বিহাৰ বিধান সভাত মুঠ আসনৰ সংখ্যা ২৪৩ । গতিকে চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন হয় ১২২ খন আসন। এই সময়ত নীতিশ কুমাৰৰ সমৰ্থনত আছে প্ৰায় ১৬৪ গৰাকী বিধায়ক। গতিকে বিহাৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী নীতিশ কুমাৰ হোৱাৰ সম্ভাৱণা অধিক।

আৰু পঢ়ক: জহুৰা খাতুনক গ্ৰেপ্তাৰৰ পিছতে পোহৰলৈ আহিছে ন ন তথ্য, মছজিগত চলিছিল জেহাদী কাৰ্য-কালা

nda rjd bjp jdu nitish kumar