সুৰাপান কৰা সকল ভাৰতীয় নহয়, মহাপাপী: মুখ্যমন্ত্ৰী

সুৰাপান কৰা সকল ভাৰতীয় নহয়, মহাপাপী: মুখ্যমন্ত্ৰী

author-image
asomiyapratidin
New Update
পূজাৰ বতৰত সুৰা বিক্ৰীত অভিলেখ! ৩দিনত বিক্রী ১৬.৮০ কোটি টকাৰ সুৰা

ডিজিটেল ডেস্ক: বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে সুৰাক লৈ এক আজৱ মন্তব্য কৰে। বুধবাৰে বিহাৰ বিধানসভাত উত্থাপন কৰা সুৰা সংশোধনী বিধেয়ক গৃহীত হয়, য'ত প্ৰথমবাৰৰ বাবে সুৰা পান কৰি ধৰা পৰিলে তেওঁক জৰিমণা বিহি এৰি দিব পাৰিব।

Advertisment

এই বিধায়ক গৃহীত হোৱাৰ সময়ত নীতিশ কুমাৰে কিছুমান আজৱ মন্তব্য কৰে। তেওঁ কয় যে যি সকল লোকে সুৰা পান কৰে আৰু বাপুৰ বিচাৰধাৰা পালন নকৰে তেওঁলোকক মই হিন্দুস্তানী বুলি নাভাৱো। এই লোক সকল অযোগ্য আৰু মহাপাপী। সুৰা সেৱন কৰাটো ভাল নহয়।যি সকল লোকে এয়া যুক্তি দিয়ে যে সুৰা নিষিদ্ধ হ'লে ৰাজ্যৰ ৰাজহৰ ওপৰত প্ৰভাৱ পৰিব সেয়া ভুল"।

তেওঁ কয় যে যি সকল লোকে এটা সময়ত সুৰা ক্ৰয় কৰিবৰ বাবে টকা খৰচ কৰিছিল সেই সকল লোকে এতিয়া শাক-পাচলি ক্ৰয় কৰিবৰ বাবে সেই টকা খৰচ কৰে।সুৰা নিষিদ্ধৰ পিছত শাক-পাচলিৰ বিক্ৰী অধিক হৈ গৈছে।

উল্লেখ্য যে, এই বিধেয়কখন বিধানসভাত উত্থাপন হোৱাত বিভিন্ন তৰ্ক-বিতৰ্ক হয় যদিও গৃহীত হয় বিধেয়খন।

nitis kumar bihar liquor