/asomiyapratidin/media/media_files/2025/02/19/1gyl54gxpTYuywjrXNsQ.jpg)
ডিজিটেল ডেস্কঃ “আজি মোৰ ৯০ বছৰীয়া মা অতি আৱেগিক হৈ পৰিছিল। তেওঁ শ্লোকা আৰু ৰাধিকাক ফোন কৰি কয়, নীতা যেতিয়া সৰু আছিল, তেওঁৰ হাৰ্ভাৰ্ডত পঢ়াৰ খুব ইচ্ছা আছিল। কিন্তু আমাৰ সামৰ্থ্য নাছিল। আৰু আজি হাৰ্ভাৰ্ডে তেওঁক ভাষণ দিবলৈ মাতিলে’’- হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত বাৰ্ষিক ইণ্ডিয়া কনফাৰেন্সত এনেদৰে ভাষণ দি আবেগিক হৈ পৰিল নীতা আম্বানী।
হাৰ্ভাৰ্ড ইণ্ডিয়া কনফাৰেন্স ২০২৫ত অংশ লৈ ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ অধ্যক্ষ মুকেশ আম্বানীৰ পত্নী নীতা আম্বানীয়ে তেওঁৰ শৈশৱৰ সপোনৰ বিষয়ে অৱগত কৰে। লগতে দৰ্শক আৰু হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষক তেওঁ আৰু তেওঁৰ মাতৃক ইমান সুখী কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।
সন্মিলনত ভাষণ দিয়াৰ পিছত নীতা আম্বানী ব্যস্ত হৈ পৰিছিল এটা ৰেপিড ফায়াৰ ইন্টাৰভিউত। সাক্ষাৎকাৰ লোৱা ব্যক্তি গৰাকীয়ে তেওঁক কোটিপতি স্বামী আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাজৰ পৰা এটা বাছি ল’বলৈ কয়।
প্ৰত্যুত্তৰত তেওঁ কয়, ‘মই ভাবো দেশক প্ৰধানমন্ত্ৰী মোডীজীৰ দৰকাৰ, আৰু আমাৰ ঘৰখনক মোৰ স্বামী মুকেশৰ দৰকাৰ । তেওঁৰ ধেমেলীয়া প্ৰতিক্ৰিয়াক বহুতে হাত চাপৰি বজাইছিল।
এই সন্মিলনখনত নীতা আম্বানীক প্ৰশংসাৰে ভৰাই তোলে। হাৰ্ভাৰ্ড ইণ্ডিয়া সন্মিলনে তেওঁক এনে এগৰাকী ব্যক্তি বুলি অভিহিত কৰে যিয়ে “গ্ৰাম্য পৰিৱৰ্তন, স্বাস্থ্য, শিক্ষা, ক্ৰীড়া, মহিলা সৱলীকৰণ, দুৰ্যোগ ব্যৱস্থাপনা, কলা আৰু নগৰ নবীকৰণৰ পদক্ষেপৰ জৰিয়তে প্ৰায় ৮ কোটি লোকৰ জীৱনত প্ৰভাৱ পেলাইছে।”