/asomiyapratidin/media/media_files/2025/07/04/305-2025-07-04-20-09-23.jpg)
ডিজিটেল সংবাদ, নামৰূপ : নামৰূপৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ এক অবিচ্ছেদ্য অংগ স্বৰূপ বিশিষ্ট তবলা বাদক নিৰ্মল বুঢ়াগোহাঁইৰ (৫৩) আকস্মিক বিয়োগে সমগ্ৰ নামৰূপত শোকৰ ছাঁ পেলাইছে। নামৰূপৰ খেৰেমিয় গাঁৱৰ বাসিন্দা ভোগেশ্বৰ বুঢ়াগোহাঁই আৰু দিব্য লতা বুঢ়াগোহাঁইৰ পুত্ৰ নিৰ্মল বুঢ়াগোহাঁই এগৰাকী তবলা বাদক হিচাপে কেইবা দশক ধৰি নামৰূপ নাহৰকটীয়া অঞ্চলত সেৱা আগবঢ়াইছিল।
নামৰূপ সংগীত মহাবিদ্যালয়ৰ নিয়মীয়া তবলা শিক্ষক হিচাপে কৰ্মৰত বুঢ়াগোহাঁই নামৰূপৰ সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত আৰু অতি প্ৰয়োজনীয় ব্যক্তি আছিল। বি ভি এফ চি এলৰ চেক্তৰ এফত বাস কৰা নিৰ্মল বুঢ়াগোহাঁই বিগত কিছুদিন কোৱাটাৰত অকলেই বাস কৰিছিল ।
ঘৰুৱা অসুবিধাৰ বাবে শিৱসাগৰৰ মাতৃ গৃহত থকা পত্নীয়ে দুদিন ফোনত যোগাযোগ কৰিব নোৱাৰি নামৰূপত থকা ভনী জোঁৱায়েকলৈ ফোন কৰে । পুৱা জোঁৱায়েক আহি দুৱাৰ বন্ধ দেখি পিছফালৰপৰা ঘৰ সোমাই মৃতকক ওপৰ মুৱা কৈ পৰি থকা অবস্থাত প্ৰতক্ষ কৰি স্থানীয় প্ৰশাসনক খবৰ দিয়ে।
প্ৰশাসনৰ এটি দল ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ চমজিলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে অসম চিকিৎসা মহাবিদ্যাল়য়লৈ প্ৰেৰণ কৰে। বিয়লি দুলীয়াজানৰ ৰাজহুৱা শ্মশানত তেওঁৰ শেষকৃত্য সমাপন কৰা হয়। বিশিষ্ট শিল্পীগৰাকীৰ বিয়োগত নামৰূপৰ স্বৰগম ফাউণ্ডেশ্যন, নামৰূপ সংগীত মহাবিদ্যালয়, সুৰধ্বনি সংগীতকাননৰ লগতে বহু গুণমুগ্ধই শোক প্ৰকাশ কৰিছে।