/asomiyapratidin/media/media_files/2025/08/06/25-2025-08-06-21-20-46.jpg)
ডিজিটেল সংবাদ, নগাঁও : নগাঁও জিলাৰ বিশিষ্ট অধিবক্তা ,সমাজ কৰ্মী তথা নগাঁও চহৰৰ আমোলাপট্টী নিৱাসী নিৰঞ্জন শৰ্মাৰ (৭৮) বুধবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। নগাঁও চহৰৰ আমোলাপট্টীস্থ নগাঁও নাট্য মন্দিৰৰ সভাপতি, আমোলাপট্টী সাৰ্বজনীন পূজা সমিতিৰ মুখ্য উপদেষ্টাকে ধৰি বিভিন্ন অনুষ্ঠানৰ নেতৃত্ব বহন কৰা শৰ্মা বিভিন্ন সামাজিক- সাংস্কৃতিক কাম-কাজৰ লগত জড়িত আছিল।
নগাঁও আদালতৰ জেষ্ঠ অধিবক্তা নিৰঞ্জন শৰ্মাই ৫০ বছৰৰো অধিক কাল সুখ্যাতিৰে ওকালতি কৰিছিল। নিষ্ঠাবান অধিবক্তাগৰাকীৰ মৃত্যুত বিধায়ক ৰূপক শৰ্মাই কয় যে নিৰঞ্জন শৰ্মাৰ মৃত্যু নগাঁৱৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি। তেওঁ এজন নিষ্ঠাবান আৰু দক্ষ অধিবক্তা আছিল।
বিধায়কগৰাকীয়ে শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা ,নগাঁও উকীল সন্থাই শৰ্মাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।
মৃত্যুৰ সময়ত তেওঁ পত্নী ,দুই পুত্ৰ সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে।