ডিজিটেল সংবাদ, নগাঁও: নগাঁৱৰ শিশু সাহিত্যিক প্ৰয়াত ভাৰতী দেৱীৰ মঙলবাৰে নৱম বাৰ্ষিক স্মৃতিচাৰণ আৰু শ্ৰাদ্ধ অনুষ্ঠান নগাঁও চহৰৰ আমোলাপট্টীৰ বাসভৱনত তেওঁৰ পৰিয়াল বৰ্গই আয়োজন কৰে।
উল্লেখ্য যে প্ৰয়াত ভাৰতী দেৱী এগৰাকী শিশু সাহিত্যিক হিচাপে পৰিচিত । প্ৰয়াত ভাৰতী দেৱীয়ে ইতিপূৰ্বে লিখি থৈ যোৱা শিশুগ্ৰন্থ ' লাউ ঘূৰ্ ঘূৰ্ ' তেওঁৰ পৰিয়ালে প্ৰকাশ কৰি উলিওৱাৰ পিছত আজি নৱম বাৰ্ষিকীৰ অনুষ্ঠানত উন্মোচন কৰা হয়। বিশিষ্ট লেখক, শিক্ষাবিদ যুগল চন্দ্ৰ দেৱ গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰবীন্দ্ৰ নাথ শৰ্মাই।
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত শৰ্মাই কয় যে গ্ৰন্থই জ্ঞানৰ প্ৰসাৰ বৃদ্ধি কৰে। তেওঁ নৱপ্ৰজ্বন্মক গ্ৰন্থ অধ্যয়নত গুৰুত্ব দিবলৈ আহ্বান জনায়। অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা শিক্ষাবিদ গিৰীন্দ্ৰ কুমাৰ বৰুৱা, অবসৰপ্ৰাপ্ত শিক্ষা বিষয়া প্ৰৱীণ শৰ্মা আদিয়ে ভাষণ প্ৰদান কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে ভাৰতী দেৱীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে যজ্ঞপতি শৰ্মা শাস্ত্ৰীয়ে । পৰিয়ালৰ হৈ অশোক কুমাৰ শৰ্মাই আঁত ধৰা অনুষ্ঠানত গীত পৰিবেশন কৰে উষা দেৱী বৰঠাকুৰে। অনুষ্ঠানত দ্বিজেন চন্দ্ৰ গোস্বামী, তোষেশ্বৰ শৰ্মা, ফণী শৰ্মা, সোণ শৰ্মা, বিপুল শৰ্মা,কুশল শৰ্মা ,কনক হাজৰিকা ,পৰিয়ালৰ অনিল শৰ্মা, মণ্টুল শৰ্মা, অনুজ শৰ্মা আদিয়ে অংশগ্ৰহণ কৰে।