Advertisment

ষ্টাৰ্টআপ ইণ্ডিয়াৰ পৰিৱৰ্তনশীল ৯ টা বছৰ সম্পূৰ্ণ ...

ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ সময়ত মাত্ৰ ১২০খন জিলাতে ষ্টাৰ্টআপৰ সৃষ্টি হৈছিল। আজি ৭৫০ খনতকৈও অধিক জিলাই ষ্টাৰ্টআপৰ লগত জৰিত হৈ পৰিছে। ভাৰতৰ ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰত এক বৃহৎ উত্থান পৰিলক্ষিত হৈছে। 

author-image
Asomiya Pratidin
New Update
XCXC

ডিজিটেল ডেস্কঃ   আজি অৰ্থাৎ ২০২৫ চনৰ ১৬ জানুৱাৰীত ভাৰতে ‘ষ্টাৰ্টআপ ইণ্ডিয়া’ৰ ৯ টা পৰিৱৰ্তনশীল বছৰ সম্পূৰ্ণ কৰিলে। ২০১৬ চনৰ পৰা আৰম্ভ হোৱা ভাৰত চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া পদক্ষেপৰ জৰিয়তে ভাৰতৰ ষ্টাৰ্টআপ পৰিস্থিতি তন্ত্ৰত এক বৃহৎ উত্থান পৰিলক্ষিত হৈছে। 

Advertisment

১৫ জানুৱাৰীলৈকে উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে স্বীকৃতি দিয়া ১.৫৯ লাখতকৈ অধিক ষ্টাৰ্টআপে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ ইক’চিষ্টেম হিচাপে নিজকে দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰিছে।

২০১৬ চনৰ পৰা ২০২৪ চনৰ ৩১ অক্টোবৰলৈকে স্বীকৃতিপ্ৰাপ্ত ষ্টাৰ্টআপসমূহে ১৬.৬ লাখতকৈ অধিক প্ৰত্যক্ষ চাকৰিৰ সৃষ্টি কৰিছে, যিয়ে নিয়োগ সৃষ্টিত যথেষ্ট অৰিহণা যোগাইছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে এক বিবৃতিত কয় যে, আই টি সেৱা উদ্যোগটোৱে ২.০৪ লাখ চাকৰিৰ সৃষ্টি কৰি অভিলেখ কৰিছে।

তাৰ পিছতে স্বাস্থ্যসেৱা আৰু জীৱন বিজ্ঞানত ১.৪৭ লাখ চাকৰি সৃষ্টি কৰিছে। পেছাদাৰী আৰু বাণিজ্যিক সেৱাত প্ৰায় ৯৪ হাজাৰ পদ উলিওৱা বুলি তথ্য পোৱা গৈছে। দেশৰ দৈৰ্ঘ্য আৰু প্ৰস্থত ষ্টাৰ্টআপৰ বিস্তাৰ বিশেষভাৱে উল্লেখযোগ্য। 

ষ্টাৰ্টআপ ইণ্ডিয়া আৰম্ভ হোৱাৰ সময়ত মাত্ৰ ১২০খন জিলাতে ষ্টাৰ্টআপৰ সৃষ্টি হৈছিল। আজি ৭৫০ খনতকৈও অধিক জিলাই ষ্টাৰ্টআপৰ লগত জৰিত হৈ পৰিছে। ২০২৫ চনৰ শেষৰ ফালে শতাংশ জিলা স্পৰ্শ কৰাটোৱে বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ লক্ষ্য।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, ইন্দোৰ, জয়পুৰ, ৰায়পুৰ আৰু চণ্ডীগড়ৰ দৰে সৰু চহৰবোৰ উদ্যোগীসকলৰ প্ৰজনন ক্ষেত্ৰ হৈ পৰিছে। ডাঙৰ চহৰৰ তুলনাত সুবিধা প্ৰদান কৰি ষ্টাৰ্টআপ হাব হিচাপে আত্মপ্ৰকাশ কৰিছে এই সৰু চহৰবোৰে। 

২০২৪ চনৰ আৰম্ভণিতে ভাৰতীয় উদ্যোগ সংঘৰ এক প্ৰতিবেদন অনুসৰি অনুমান কৰা হৈছিল যে, ভাৰতীয় ষ্টাৰ্টআপে ২০২৯-২০৩০ চনৰ ভিতৰত ৫ কোটি নতুন চাকৰিৰ সৃষ্টি কৰাৰ লগতে অৰ্থনীতিত ১ ট্ৰিলিয়ন ডলাৰ যোগ কৰাৰ সম্ভাৱনা আছে। 

এই প্ৰতিবেদনত কোৱা হৈছে যে, বিগত দশকত ভাৰতত সৃষ্টি হোৱা চাকৰিৰ ২০ৰ পৰা ২৫ শতাংশ ষ্টাৰ্টআপৰ বাবেই সম্ভৱ হৈছে।

ষ্টাৰ্টআপ ইণ্ডিয়া