/asomiyapratidin/media/media_files/2025/07/29/nimisha-29-2025-07-29-10-04-40.jpg)
ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া কূটনৈতিক আৰু আইনী যুঁজৰ অৱসান। অৱশেষত মৃত্যু দণ্ডৰ পৰা ৰক্ষা পালে নিমিষা প্ৰিয়াই। য়েমেনত কাৰাবন্দী হৈ থকা ভাৰতীয় মহিলা নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰিলে য়েমেন চৰকাৰে।
শেহতীয়াকৈ এই দাবী কৰিছে ভাৰতীয় চুন্নী সম্প্ৰদায়ৰ মুছলমান ধৰ্মগুৰু কান্দাপুৰম এ পি আবুবকাৰ মুছলিয়াৰ কাৰ্যালয়ে। আবুবকাৰৰ কাৰ্যালয়ে সংবাদ সংস্থা এ এন আইক জনাইছে যে নিমিষাৰ মৃত্যুদণ্ড যোৱা ১৬ জুলাইত পিছুৱাই দিয়া হৈছিল।
এইবাৰ সেই শাস্তি সম্পূৰ্ণৰূপে সলনি কৰা হৈছে। শেহতীয়াকৈ য়েমেনৰ ৰাজধানী ছানাত দেশখনৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়।
সেই বৈঠকতে নিমিষা প্ৰিয়াক মৃত্যুদণ্ড খাৰিজ কৰা হৈছে। অৱশ্যে তেওঁলোকে এই সন্দৰ্ভত য়েমেন বা ভাৰত চৰকাৰে কোনো আনুষ্ঠানিক ঘোষণা কৰা নাই বুলিও জানিবলৈ দিয়ে।
উল্লেখ্য যে, যেতিয়া নিমিছাৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ কূটনৈতিক পথ কাৰ্যতঃ বন্ধ হৈ পৰিছিল তেতিয়া নিমিষাৰ কাষত থিয় দিছিল কেৰালাৰ বাসিন্দা তথা চুন্নী সম্প্ৰদায়ৰ এজন মুছলমান ধৰ্মগুৰু কান্দাপুৰম এ পি আবুবকাৰ মুছলিয়াৰ। তেওঁ য়েমেনৰ ধৰ্মীয় নেতৃত্বৰ সৈতে নিমিষাৰ প্ৰসংগত আলোচনা আৰম্ভ কৰে।
অৱশ্যে নিমিষাৰ মৃত্যুদণ্ড বাতিল কৰাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ কূটনৈতিক আলোচনাৰ ফল নে এই ধৰ্মগুৰুগৰাকীৰ প্ৰচেষ্টাৰ ফল সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই। কিয়নো কোনো পক্ষই এই সন্দৰ্ভত আনুষ্ঠানিকভাৱে মুখ খোলা নাই।
যদিহে আবি বক্কাৰৰ দাবীয়েই সঁচা হয় তেন্তে সেয়াও হ’ব এক অন্য কাহিনী। কিয়নো এই বিষয়ত ভাৰত আৰু য়েমেন এই দুয়োখন দেশৰ কূটনৈতিক আলোচনা এটা পৰ্যায়ত গৈ স্থবিৰ হৈ পৰিছিল।
স্মৰ্তব্য যে, ২০১৭ চনৰ পৰা হত্যাৰ অভিযোগত নিমিষা প্ৰিয়া য়েমেনৰ কাৰাগাৰত বন্দী হৈ আছে। ২০১৮ চনত য়েমেনৰ আদালতে এই গোচৰত তেওঁক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।
নিমিষাৰ জীৱন ৰক্ষাৰ বাবে বছৰ বছৰ ধৰি আইনী যুঁজ চলাই আহিছে তেওঁৰ পৰিয়ালে। প্ৰবাসী ভাৰতীয়গৰাকীৰ দয়াক আৱেদন দেশখনৰ ৰাষ্ট্ৰপতি ৰছিদ মহম্মদ আল আলমীয়ে নাকচ কৰি ফাঁচীৰ নিৰ্দেশ অব্যাহত ৰাখিছিল।
এনে পৰিস্থিতিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে নিমিষা প্ৰিয়াৰ মৃত্যুদণ্ড বাতিল কৰিবলৈ খৰখেদা কৰিছিল। কিন্তু শেষত ভাৰত চৰকাৰৰ সেই প্ৰচেষ্টাও বিফল হয়। কেৰালাৰ পালাক্কাড জিলাৰ বাসিন্দা নিমিষাই ২০০৮ চনৰ পৰা য়েমেনৰ এখন চিকিৎসালয়ত কৰ্মৰত আছিল।
২০১৪ চনত স্বামী আৰু কন্যা ভাৰতলৈ উভতি আহিলেও নিমিষা তাতেই থাকে। উদ্দেশ্য আছিল য়েমেনত এখন ক্লিনিক খোলাৰ। তাতে তেওঁ তালাল আব্দো মেহদী নামৰ এজন ব্যক্তিক লগ পায়। তাতে পিছত দুয়োৱে একেলগে ক্লিনিক খুলিলে।
পিছত এই ক্লিনিকৰ অংশীদাৰিত্বক লৈ দুয়োৰে মাজত বিবাদৰ সৃষ্টি হয়। পৰিণতিত তালাল আব্দো মেহদীয়ে নিমিষাৰ পাছপ'ৰ্ট কাঢ়ি লয়। নিমিষাই এই সন্দৰ্ভত আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পিছত কোনো ফলাফল লাভ নকৰিলে।
২০১৭ চনৰ ২৫ জুলাইত নিমিষাই তালাল আব্দো মেহদীক টোপনিৰ বেজী দিছিল। তেওঁৰ উদ্দেশ্য আছিল তালাল আব্দো মেহদী টোপনি গ’লে তেওঁৰ পাছপ’ৰ্টখন উদ্ধাৰ কৰিব।
কিন্তু ঔষধৰ পৰিমাণ অধিক হোৱাত সেই ব্যক্তিজনৰ মৃত্যু হয়। এনে অৱস্থাত নিমিষাই আন এজন ব্যক্তিৰ সহায়ত মেহদীৰ মৃতদেহটো কাটি পানীৰ টেংকিত পেলাই দিয়ে। আৰু য়েমেনৰ পৰা পলায়নৰ চেষ্টা কৰে। কিন্তু তেওঁ য়েমেনৰ আৰক্ষীৰ হাতত ধৰা পৰে।
এই গোচৰৰ বিচাৰৰ সময়ত ২০১৮ চনত য়েমেনৰ আদালতে নিমিষাক মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰে।নিমিষাৰ মাতৃ প্ৰেমা কুমাৰীয়ে তেওঁৰ জীৱন ৰক্ষাৰ বাবে সকলো চেষ্টা অব্যাহত ৰাখিছে। ভাৰত চৰকাৰেও নিমিষাৰ কাষত থিয় দিছিল। তাৰোপৰি আন কেতবোৰ আন্তঃৰাষ্ট্ৰীয় সংস্থায়ো বিগত কেইবছৰমানৰ পৰা এই শাস্তিৰ বিৰুদ্ধে যুঁজ দি আহিছিল।