নীলিম কুমাৰলৈ কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা...

কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা পোৱা নীলিম কুমাৰেই একমাত্ৰ অসমীয়া। ইয়াৰ পূৰ্বৰ বৰ্ষ সমূহত বিশ্ববিদ্যালয়খনে অন্য কেবাগৰাকীও বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰিছে।

author-image
Asomiya Pratidin
New Update
dfv

ডিজিটেল ডেস্কঃ  বিশিষ্ট কবি নীলিম কুমাৰলৈ বিশেষ সন্মান আগবঢ়াইছে মহাৰাষ্ট্ৰৰ এখন প্ৰসিদ্ধ বিশ্ববিদ্যালয়ে। যশৱন্তৰাও চমন মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ে কবি নীলিম কুমাৰক 'কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা'ৰে সন্মানিত কৰিছে।

উল্লেখ্য যে, যশৱন্তৰাও চমন মহাৰাষ্ট্ৰ মুক্ত বিশ্ববিদ্যালয়ে বিশিষ্ট মাৰাঠী কবি কুসুমাগ্ৰজৰ নামত ২০১০ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে। আগন্তুক ১২ ফেব্ৰুৱাৰীত কবিগৰাকীক এই বঁটা প্ৰদান কৰা হ'ব। বঁটাত আছে স্মাৰক আৰু ১ লাখ টকাৰ ধনৰাশি।

উল্লেখ কৰা প্ৰয়োজন যে, কুসুমাগ্ৰজ ৰাষ্ট্ৰীয় বঁটা পোৱা নীলিম কুমাৰেই একমাত্ৰ অসমীয়া। ইয়াৰ পূৰ্বৰ বৰ্ষ সমূহত বিশ্ববিদ্যালয়খনে অন্য কেবাগৰাকীও বিশিষ্ট ব্যক্তিক এই বঁটা প্ৰদান কৰিছে।

নীলিম কুমাৰ