বটদ্ৰৱা থানৰ ভকত নীলকান্ত হাজৰিকাৰ বিয়োগ...

ভকত গৰাকীৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকলৰ গভীৰ শোক প্ৰকাশ

author-image
Asomiya Pratidin
New Update
অসম বিদ্বেষীয়ে সীমান্তত বন্ধ কৰিলে সমাজ কল্যাণ বিভাগৰ কাম…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জীৱন- যৌৱন বটদ্ৰৱা থানত নিস্বাৰ্থ সেৱা আগবঢ়োৱা এগৰাকী বৈষ্ণৱ তথা গুৰুজনাৰ একান্ত সেৱক নীলকান্ত হাজৰিকাৰ দেওবাৰে নিশা নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। আজীৱন গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত সেৱা আগবঢ়োৱা ৭৪ বছৰীয়া নীলকান্ত হাজৰিকা বিগত এমাহ ধৰি অসুস্থ হোৱাত নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

Advertisment

পাঁচ দিন পূৰ্বে তেওঁক বটদ্ৰৱা নৰোৱা সত্ৰৰ নিজ ঘৰলৈ লৈ অনা হয় যদিও দেওবাৰে নিশা মৃত্যু হয়। বিগত দুকুৰি বছৰে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ কাৰ্যালয়ৰ পাছফালৰ এটি কুটিৰত থাকি থান চৌহদৰ স্বচ্চতা, নিৰাপত্তা, পোহৰ নিয়ন্ত্ৰণ আদি সকলোখিনি কামত নিষ্ঠাৰে জড়িত হৈ সেৱা আগবঢ়োৱা উপৰিও বটদ্ৰৱা থানৰ কীৰ্তনঘৰ, পদশিলাৰ ভকত বৈষ্ণৱ আৰু তীৰ্থযাত্রী সকলৰ প্ৰসাদ বিতৰণৰ বাবে ব্যৱহাৰ হোৱা কলপাত যোগান ধৰিছিল।

ভকত গৰাকীৰ বিয়োগত বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱ, আইমাতৃ সকলে গভীৰ শোক প্ৰকাশ কৰিছে। নীলকান্ত হাজৰিকাই মৃত্যুৰ সময়ত দুজন পুত্ৰ সহ বহু আত্মীয় স্বজনক এৰি থৈ যায়।

batadraba