/asomiyapratidin/media/media_files/2025/08/06/16-2025-08-06-16-06-09.jpg)
ডিজিটেল সংবাদ, শিলচৰ : মুখ্যমন্ত্ৰীয়ে বুধবাৰে গুৱাহাটীত নিযুত মইনা আঁচনি ০২ ৰ আবেদন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰাৰ লগে লগে কাছাৰ জিলাতো এই নিযুত মইনা আঁচনি ০২ ৰ আবেদন বিতৰণৰ শুভাৰম্ভ কৰা হয়। লক্ষীপুৰ সমষ্টিৰ নেহৰু কলেজ আৰু এচ এম দেৱ কলেজত এই আচঁনিৰ আবেদন বিতৰণৰ শুভাৰম্ভ কৰে মন্ত্ৰী কৌশিক ৰায়ে।
লক্ষীপুৰ সম জিলা আয়ুক্ত ধ্ৰুৱজ্যোতি পাঠক নেহৰু কলেজৰ অধ্যক্ষ ড০ শুভজিত চক্ৰৱৰ্তী আৰু শিক্ষক- শিক্ষয়িত্ৰীবৃন্দৰ উপস্থিতিত মন্ত্ৰীগৰাকীয়ে ৮ গৰাকী ছাত্ৰীৰ হাতত নিযুত মইনা আঁচনি আবেদন প্ৰদান কৰি কাছাৰ জিলাত এই আচঁনিখনৰ শুভাৰম্ভ কৰে। আবেদন বিতৰণৰ পিচত মন্ত্ৰী গৰাকীয়ে কয় যে, ৰাজ্যৰ কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পিচত এইবাৰ প্ৰথম বাৰৰ বাবে শিলচৰৰ অসম বিশ্ববিদ্যালয় আৰু তেজপুৰ বিশ্ববিদ্যালয়ত অধ্যয়নৰত অসমৰ ছাত্ৰীসকলক সামৰি লোৱা হৈছে ।
তাৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই মন্ত্ৰীগৰাকীয়ে। মূলত বাল্য বিবাহ প্ৰতিৰোধ কৰাৰ উদ্দেশ্যে এই নিযুত মইনা আঁচনি ৰূপায়ন কৰা বুলি মন্তব্য কৰে কৌশিক ৰায়ে।
এই আচঁনিৰ অধীনত কাছাৰ জিলাৰ আটাইকেইখন কলেজ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কেইবা হাজাৰ ছাত্ৰী উপকৃত হ'ব। উল্লেখযোগ্য যে নেহৰু কলেজৰ মুঠ ৮৩৬ গৰাকী ছাত্ৰী এই আচঁনিৰ দ্বাৰা উপকৃত হ'ব।
সেইদৰে ৫৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় সহ কাছাৰ জিলাৰ কলেজ আৰু অসম বিশ্ববিদ্যালয়ত অধ্যয়নৰত কেইবাৰ হাজাৰ ছাত্ৰীক নিযুত মইনা আঁচনিৰ পৰা লাভাম্বিত হ'ব।