/asomiyapratidin/media/media_files/2025/08/06/1-2025-08-06-14-47-35.jpg)
ডিজিটেল সংবাদ,পৰ্বতঝোৰাঃ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা টিপকাই গুৰুদেৱ কালী চৰণ ব্ৰহ্ম মহাবিদ্যালয়ৰ ছাত্ৰী সকলোৰ মাজত মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি প্র-পত্ৰ বিতৰণ কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য সজল কুমাৰ সিংহ।
অসম চৰকাৰৰ শিক্ষা বিভাগে ৰাজ্যৰ প্ৰতিখন মহাবিদ্যালয়ৰ ছাত্ৰী সকলোৰ স্নাতকৰ পৰা স্নাতকোত্তৰলৈ শিক্ষাৰ ক্ষেত্ৰত সকাহ দিয়াৰ উদ্দেশ্যে প্ৰতিমাহে উদগনিমূলক ১২৫০টকা আৰ্থিক অনুদান আগবঢ়াই আৰম্ভ কৰা মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ প্র-পত্ৰ বিতৰণ কাৰ্য্যসূচীত পৰ্বতঝোৰা টিপকাই মহাবিদ্যালয়ৰ ছাত্ৰী সকলোৰ মাজত প্র-পত্ৰ বিতৰণ কৰে বিটিচিৰ কাৰ্য্যবাহী সদস্য সজল কুমাৰ সিংহই।
নেতা গৰাকী ভাষণত কয় যে বাল্য বিবাহৰ দৰে কুসংস্কাৰ ৰোধেৰে আৰু দুখীয়া দৰিদ্র ছাত্ৰ ছাত্ৰী সকলক এক সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ প্ৰদানৰ লক্ষ্যৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গ্ৰহণ কৰা এই অভিলাষী আঁচনিক মই উত্তম আঁচনি বুলি আখ্যা দিছো।