/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/403db476-7fe0-4669-92f1-2d4465149a25/download.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিহালী বিধানসভা সমষ্টিৰ নিজ বিহালী আঞ্চলিক পঞ্চায়ত পদত ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাজ হাজৰীকাৰ হাতত বিজেপিৰ প্ৰাৰ্থী বিৰাজ নেউপান পৰাজিত হয়। ৪৮ টা ভোটৰ ব্যৱধানত পৰাজিত হয় বিৰাজ নেউপান ৷
কংগ্ৰেছ প্ৰাৰ্থী চিৰাজ হাজৰীকাই ২১৬৭ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থী বিৰাজ হাজৰীকাই ২১১৯ভোট লাভ কৰে ৷ উল্লেখ্য যে বিহালী বিধান সভা সমষ্টিৰ ২১ আঞ্চলিক সদস্য আসনৰ ভিতৰত বৰ্তমানলৈকে একমাত্ৰ নিজ বিহালী গাওঁ পঞ্চায়তত কংগ্ৰেছ দলৰ প্ৰাৰ্থী চিৰাজ হাজৰীকা জয়ী হৈছে ৷