পাঞ্জাব নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰিঃ আমেৰিকাত নীৰৱ মোডীৰ ভাতৃ নেহাল মোডীক গ্ৰেপ্তাৰ...

পাঞ্জাব নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰিত অভিযুক্ত হৈ দীৰ্ঘদিন ধৰি পলাতক হৈ থকা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক অৱশেষত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হ’ল। ভাৰতৰ একাধিক প্ৰত্যৰ্পণৰ অনুৰোধৰ পিছত

New Update
new ap web 2

ডিজিটেল ডেস্কঃপাঞ্জাব নেচনেল বেংকৰ বিত্তীয় কেলেংকাৰিত অভিযুক্ত হৈ দীৰ্ঘদিন ধৰি পলাতক হৈ থকা হীৰা ব্যৱসায়ী নীৰৱ মোদীৰ ভাতৃ নেহাল মোদীক অৱশেষত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হ’ল। ভাৰতৰ একাধিক প্ৰত্যৰ্পণৰ অনুৰোধৰ পিছত দিল্লীয়ে এই গ্ৰেপ্তাৰক কূটনৈতিক সফলতা হিচাপে অভিহিত কৰিছে।

Advertisment

আমেৰিকাৰ ন্যায় বিভাগে নিশ্চিত কৰিছে যে নেহাল মোদীক ৪ জুলাইত গ্ৰেপ্তাৰ কৰা হয়। তেওঁ এজন বেলজিয়ামৰ নাগৰিক। আমেৰিকাৰ অভিযোগনামা অনুসৰি নেহালৰ বিৰুদ্ধে দুটা গুৰুতৰ অভিযোগ আছে- প্ৰথম, ধন সৰবৰাহৰ (পিএমএলএৰ ৩ নং ধাৰাত) আৰু দ্বিতীয়তে, অপৰাধমূলক ষড়যন্ত্ৰ আৰু প্ৰমাণ ধ্বংস কৰা।

ভাৰতৰ চিবিআই আৰু বলৱৎকাৰী সঞ্চালকালয়ৰ তদন্তত প্ৰকাশ পাইছে যে নেহাল মোদীয়ে তেওঁৰ ভাতৃ নীৰৱ মোদীৰ হৈ অপৰাধমূলক মানী ল’ণ্ডাৰিঙত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। অভিযোগ অনুসৰি, নেহালে বিভিন্ন শ্বেল কোম্পানী আৰু জটিল আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ জৰিয়তে অবৈধ ধন লুকুৱাই আৰু ট্ৰেন্সফাৰ কৰি তদন্তক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰিছিল।

 প্ৰসংগক্ৰমে নীৰৱ মোদী, তেওঁৰ খুৰাক মেহুল চৌক্সি, ভাতৃ নেহাল মোদীকে ধৰি কেইবাজনো লোকৰ বিৰুদ্ধে পিএনবিক প্ৰায় ১৩,৫০০ কোটি টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। ভুৱা লেটাৰ অৱ আণ্ডাৰটেকিং ব্যৱহাৰ কৰি এই কেলেংকাৰীত জড়িত হৈছিল।

ইতিমধ্যে নীৰৱ মোদীৰ প্ৰত্যৰ্পণৰ বাবে ব্ৰিটিছ উচ্চ ন্যায়ালয়ে অনুমোদন জনাইছে যদিও একেৰাহে আইনী আবেদনৰ বাবে তেওঁৰ দেশলৈ উভতি অহাটো এতিয়াও সম্ভৱ হোৱা নাই। বৰ্তমানলণ্ডনৰ কাৰাগাৰতবন্দী হৈ আছে নীৰৱমোদী। উল্লেখ্য যে ২০১৯ চনত তেওঁক ‘ পলাতক অৰ্থনৈতিক অপৰাধী’ হিচাপে ঘোষণা কৰা হৈছিল।

আনহাতে, ২০১৮ চনৰ পৰা এণ্টিগুৱা আৰু বাৰবুডাত আশ্ৰয় বিচাৰি থকা মেহুল চৌক্সিকো চলিত বৰ্ষৰ আৰম্ভণিতে বেলজিয়ামত গ্ৰেপ্তাৰ কৰা হৈছিল। অহা ১৭ জুলাইত নেহাল মোদীৰ প্ৰত্যৰ্পণ সন্দৰ্ভত পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। এই দিনটোত তেওঁ জামিনৰ বাবে আবেদন কৰিব পাৰে বুলি খবৰ ওলাইছে। অৱশ্যে তেওঁৰ জামিনৰ বিৰোধিতা কৰিব বুলি ইতিমধ্যে আমেৰিকাৰ এটৰ্নী অফিচে ঘোষণা কৰিছে।

আমেৰিকা