পেহেলগামৰ নাৰকীয় কাণ্ডৰ তদন্তৰ দায়িত্ব ল'লে NIAই

পেহেলগাম কাণ্ডৰ তদন্তৰ দায়িত্ব ভাৰত চৰকাৰে অনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে নিয়াক। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে এই ঘটনাক লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। 

author-image
Asomiya Pratidin
New Update
NIAAAAA

ডিজিটেল ডেস্কঃ পেহেলগাম কাণ্ডৰ তদন্তৰ দায়িত্ব ভাৰত চৰকাৰে অনুষ্ঠানিকভাৱে অৰ্পণ কৰিলে নিয়াক। ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাটোৱে ইতিমধ্যে এই ঘটনাক লৈ নিজাববীয়াকৈ এক গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। 

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই নাৰকীয় ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত উপস্থিত হৈ অনানুষ্ঠিকভাৱে সকলো তথ্যপাতি সংগ্ৰহ কৰিছিল নিয়াই। এতিয়া ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে এই তদন্তৰ দায়িত্ব নিয়াক অৰ্পন কৰাৰ পাছত জম্মু-কাশ্মীৰ পুলিছ আৰু অন্য তদন্তকাৰী সংস্থাক লগত লৈ তদন্ত আগবঢ়াব তদন্তকাৰী সংস্থাটোৱে। 

আনহাতে নিয়াই এই তদন্তৰ দায়িত্ব লোৱাৰ পাছতে উক্ত সময়ত সেই স্থানত উপস্থিত থকা পৰ্যটক আৰু স্থানীয় লোকৰ সৈতে যোগাযোগ কৰিছে। অচিৰেই এই সমগ্ৰ কাণ্ডটোৰ আঁৰৰ কাৰন আৰু মুখ্য সকলো অভিযুক্তৰ উদ্দেশ্যে পোহৰলৈ আহিব বুলি প্ৰকাশ কৰিছে তদন্তকাৰী সংস্থাটোৱে। 

পেহেলগাম