/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/09/NIA-1.jpg)
ডিজিটেল ডেস্কঃ ভাল খবৰ ! নিয়াই আগবঢ়াইছে মুঠ ৯০ লাখ টকাৰ পুৰস্কাৰ। মুঠ ৫ জন মষ্ট ৱাণ্টেডৰ খবৰ দিয়ক আৰু লাভ কৰক এই ৯০ লাখ টকা। অপৰাধ জগতৰ খলনায়ক তথা বহু চৰ্চিত ডাউড ইব্ৰাহিম আৰু তেওঁৰ ডি কোম্পানীৰ ৪ জনকৈ সংগীৰ তথ্য যদি নিয়াকদিব পাৰে তেনে আপুনিও লাভ কৰিব পাৰে ৯০ লাখ টকাৰ পুৰস্কাৰ।
উল্লেখ্য যে নিষিদ্ধ জগতৰ ডন ডাউড ইব্ৰাহিম দীৰ্ঘদিন ধৰি পলাতক হৈ আছে। সেয়েহে তেওঁৰ সন্ধান দিওঁতালৈ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ নিয়াই ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। ঠিক একেদৰে ডাউড ইব্ৰাহিমৰ ভাতৃ চাকিলৰ সন্ধান দিওঁতালৈ আগবঢ়োৱা হৈছে ২০ লাখ টকাৰ পুৰস্কাৰ। ঠিক একেদৰে আনিছ ইব্ৰাহিমৰ সন্ধান দিওঁতালৈ ১৫ লাখ, জাভেদ চিকনাৰ খবৰ দিওঁতালৈ ১৫ লাখ আৰু টাইগাৰ মেননৰ সন্ধান দিওঁতালৈও ১৫ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হৈছে।
উল্লেখ্য যে নিয়াই ২০২২ চনৰ ৩ ফেব্ৰুৱাৰীত মুম্বাইত এটা গোচৰ ৰুজু কৰিছিল। ইউ এ পি এৰ ধাৰা ১২০ বি আৰু এই এ পি এৰ ধাৰা ১৭, ১৮, ২০ ৩৮ আৰু ৪০ ৰ অধীনত ৰুজু কৰা হৈছিল আন এটা গোচৰ। এই ৫ জন অভিযুক্তক এই ক্ষেত্ৰত বিচৰা হৈছে।
নিয়াই তেওঁলোকৰ এক প্ৰেছ বিজ্ঞপ্তিত লিখিছে যে ডাউডে সন্ত্ৰাসবাদৰ এক আন্তৰ্জাতিক নেটৱৰ্ক চলায়। লগতে অস্ত্ৰ-শস্ত্ৰ কাৰ্য, নাৰ্কো সন্ত্ৰাসবাদ, মানি লণ্ডাৰিং, আণ্ডাৰৱৰ্ল্ড চলাই আহিছে। ডাউড সন্ত্ৰাসবাদী সংগঠন লস্কৰ ই তৈবাৰ জৈশ ই মহম্মদ আৰু অল কায়দাৰ সৈতে জড়িত।
যদি আপুনি এই অভিযুক্তসকলৰ সৈতে সম্পৰ্কিত কোনো তথ্য পায় তেন্তে নিয়াৰ মুখ্য কাৰ্যালয়ৰ ফোন নং ০১১ ২৪৩৬৮৮০০ অথবা হোৱাটছএপ আৰু টেলিগ্ৰাম নং ৮৫৮৫৯৩১১০০ ত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও নিয়াৰ মুম্বাইস্থিত কাৰ্যালয়ৰ ০২২ ২৩৫৫০৬৫০/ ২৩৫৫০৬৬০ নম্বৰত যোগাযোগ কৰি সন্ধান দিব পাৰিব।