/asomiyapratidin/media/media_files/2025/06/14/XfjEGV30DosBOEJmm45l.jpg)
ডিজিটেল ডেস্কঃ ২০২৪ ৰ স্বাধীনতা দিৱসৰ দিনটোত বিভিন্ন স্থানত আই ই ডি বিস্ফোৰণ ঘটোৱাৰ ষড়যন্ত্ৰত লিপ্ত থকাৰ অভিযোগত ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা চমুকৈ এন আই এয়ে আলফা (স্বাধীন)ৰ মুৰব্বী পৰেশ বৰুৱাসহ ৩ জনৰ বিৰুদ্ধে চাৰ্জশ্বিট দাখিল কৰিছে। শনিবাৰে ৰাষ্ট্ৰী তদন্তকাৰী সংস্থাটোৱে এই তথ্য প্ৰকাশ কৰিছে।
চাৰ্জশ্বিটত উল্লেখ কৰা মতে পৰেশ বৰুৱা যাক পৰেশ অসম, কামৰুজ জামান খান, নুৰ-উজ-জামান, জামান ভাই, প্ৰদীপ, পবন বৰুৱা আদি নামেৰেও জনা যায় তেওঁ নিষিদ্ধ ঘোষিত আলফা (স্বাধীন)ৰ অধ্যক্ষ আৰু স্বঘোষিত কামাণ্ডাৰ-ইন-চীফ।
এইগৰাকী পৰেশ বৰুৱাৰ তেওঁৰ লগতে অভিজিত গগৈ ওৰফে অভিজিৎ অসম আৰু জাহ্নু বৰুৱা ওৰফে অৰ্ণৱ অসম ওৰফে হুন্টুৰ নামো এই চাৰ্জশ্বিটত উল্লেখ কৰা হৈছে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা, অবৈধ কাৰ্যকলাপ (নিষেধাজ্ঞা) আইন (UAPA), আৰু বিস্ফোৰক পদাৰ্থ আইনৰ অধীন বিভিন্ন ধাৰাত অভিযোগ অনা হৈছে।
NIA-ৰ তদন্তত পোৱা প্ৰকাশ পোৱা মতে ২০২৪ চনৰ স্বাধীনতা দিৱসত গুৱাহাটীস্থিত দিছপুৰ লাষ্ট গেটত আলফা (স্বাধীন)-এ IED পুতি ৰাখিছিল। তাৰোপৰি আন কেইবাটাও স্থানত আই ই ডি সংস্থাপিত কৰাৰ অভিযোগ উঠিছিল।
NIA-এ ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত এই তদন্তৰ দায়িত্ব লৈছিল আৰু সেই তদন্তৰ অন্তত গুৱাহাটীস্থিত আদালতত আনুষ্ঠানিকভাৱে চাৰ্জশ্বিট দাখিল কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us