লিচুবাৰী সেনা চাউনীত গ্ৰেনেড বিস্ফোৰণৰ ছাৰ্জশ্বিট দাখিল NIAৰ

অভিযুক্ত তালিকাত নাম নাই বিস্ফোৰণ সৈতে জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে নিৰ্যাতন চলাই হত্যা কৰা দীপাংকৰ গগৈৰ...
লিচুবাৰী সেনা চাউনীত গ্ৰেনেড বিস্ফোৰণৰ ছাৰ্জশ্বিট দাখিল NIAৰ
Published on
Updated on

ডিজিটেল সংবাদ বেকাজানঃ ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা নিয়াই মঙলবাৰে ২০২৩ চনৰ ১৪ ডিচেম্বৰৰ সন্ধিয়া যোৰহাটৰ লিচুবাৰীৰ সেনা চাউনীত আলফাৰ গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ সৈতে জড়িতসকলৰ তদন্তৰ ছাৰ্জশ্বিট দাখিল কৰিছে। বিস্ফোৰণৰ সৈতে মুঠ ৪ গৰাকী লোকক অভিযুক্ত সজাই এন আই এয়ে এই ছাৰ্জশ্বিট দাখিল কৰাৰ পিছতেই আজি তিতাবৰৰ বিৰিনাশায়েকত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।

কিয়নো সেনা চাউনিত গ্ৰেনেড বিস্ফোৰণ সৈতে জড়িত থকাৰ সন্দেহত যোৰহাট আৰক্ষীয়ে নিৰ্যাতন চলাই হত্যা কৰা দীপাংকৰ গগৈৰ নাম নাই। ইয়াৰ লগে লগেই যোৰহাট আৰক্ষীৰ বিৰুদ্ধে সৰব হৈ উঠিছে কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি অন্যান্য দল সংগঠন।

যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষক মোহনলাল মিনা,তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ অচি লক্ষণ কুমাৰ দাসৰ বিৰুদ্ধে নিৰীহ যুৱক দীপাংকৰ গগৈক নিৰ্যাতন চলাই হত্যা কৰা অভিযোগ তুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাইছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।

উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা এন আই এয়ে কালি তেওঁলোকৰ এক্স হেণ্ডেলত যোৰহাট লিচুবাৰী সেনা চাউনিত আলফাৰ গ্ৰেনেড বিস্ফোৰণৰ সৈতে জৰিত চাৰি গৰাকী অভিযুক্ত ক্ৰমে বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈৰ বিৰুদ্ধে ছাৰ্জশ্বিট দাখিল কৰাৰ লগতে আলফা স্বাধীনৰ কেপ্তেইন আইচেং অসম পলাতক ঘোষণা কৰে।

নিয়াই প্ৰেছ বিজ্ঞপ্তি উল্লেখ কৰিছে যে ২০২৩ চনত অসমৰ এটা সামৰিক চাউনিত আলফা (আই)ৰ আক্ৰমণৰ সৈতে জড়িত ৪ জন অভিযুক্তৰ বিৰুদ্ধে মঙলবাৰে ৰাষ্ট্ৰীয় তদন্ত সংস্থাই অভিযোগনামা দাখিল কৰে। সমগ্ৰ উত্তৰ-পূব ৰাজ্যৰ সেনা প্ৰতিষ্ঠান সমূহক লক্ষ্য কৰি লোৱাৰ বৃহত্তৰ ষড়যন্ত্ৰৰ অংশ হিচাপে বিগত বৰ্ষৰ ১৪ ডিচেম্বৰত যোৰহাট জিলাৰ লিচুবাৰীৰ সামৰিক চাউনিত নিষিদ্ধ সংগঠন আলফা স্বাধীনৰ মটৰ চাইকেল আৰোহী দুজন কেডাৰে গ্ৰেনেড নিক্ষেপ কৰিছিল।

তিনিচুকীয়া জিলাৰ কাকপথাৰত থকা সেনা শিবিৰত অনুৰূপ আক্ৰমণৰ এমাহ নৌহওঁতেই সংঘটিত হয়। ২০২৩ চনৰ ১৫ ডিচেম্বৰত আলফা স্বাধীনে আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰি এক প্ৰেছ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল। দুয়োটা আক্ৰমণকে সামৰি লোৱা সমগ্ৰ ষড়যন্ত্ৰটোৰ মাষ্টাৰমাইণ্ড আছিল ম্যানমাৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সিপাৰৰ পৰা আলফা প্ৰধান পৰেশ বৰুৱা ওৰফে পৰেশ অসম।

এই আক্ৰমণৰ আঁৰৰ আন এজন মূল ষড়যন্ত্ৰকাৰীক চিনাক্ত কৰা হৈছে সংগঠনটোৰ ব্ৰিগেডিয়াৰ অৰুনুদয় দহোটিয়া ওৰফে অৰুণোদয় অসম। এই ঘটনা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা হাতত লোৱাৰ পাছত যোৰহাট গোচৰ RC-01/2024/NIA/GUWৰ NIA গোচৰৰ ভিত্তিত বিপ্লৱ বৰুৱা, বিৰাজ কছাৰী আৰু অচ্যুত গগৈ নামৰ তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল।

কালি তিনিওজনৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। লগতে এছ এছৰ কেপ্তেইন আইচেং অসম এতিয়াও পলাতক হৈ আছে। চাৰিওজনৰ বিৰুদ্ধে আইপিচি, ইউএ (পি) এ আৰু বিস্ফোৰক পদাৰ্থ আইনৰ সংশ্লিষ্ট ধাৰাত অভিযোগনামা দাখিল কৰা হৈছে। কাকপথাৰ আৰ্মী কেম্পৰ আক্ৰমণৰ সৈতে জড়িত অপৰাধ হিচাপে অসম আৰক্ষীৰ পৰা যোৰহাট গোচৰটো গ্ৰহণ কৰা এন আই এয়ে ইয়াৰ পূৰ্বে ছয় অভিযুক্তৰ বিৰুদ্ধে পিছৰজনৰ সৈতে জড়িত অভিযোগনামা দাখিল কৰিছিল।

ইফালে নিয়াৰ এই প্ৰেছ বিজ্ঞপ্তিত তিতাবৰৰ বিৰিনাশায়েকৰ নিৰীহ যুৱক দীপাংকৰ গগৈৰ নাম নথকাত ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে এই গ্ৰেনেড বিস্ফোৰণৰ অভিযুক্ত নহয়। এন আই এৰ প্ৰতিবেদন প্ৰকাশ কৰাৰ পাছতেই যোৰহাট আৰক্ষী অধীক্ষক মোহনলাল মিনা ,মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ আৰক্ষী বিষয়া লক্ষ্মন কুমাৰ দাস বিৰুদ্ধে সৰৱ হৈ পৰিছে দীপাংকৰ পৰিয়ালৰ লগতে কৃষক মুক্তিৰ সংগ্রাম সমিতি।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি বিদ্যুত শইকীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে এন আই এৰ তদন্তৰ প্ৰতিবেদনত যোৰহাট সেনা চাউনিত গ্ৰেনেড বিস্ফোৰণত জড়িত তিনিজনৰ নাম স্পষ্টকৈ উল্লেখ কৰিছে। তাত দীপাংকৰ গগৈৰ নাম নাই। গতিকে তাৰ পৰা এটো স্পষ্ট হৈছে যে দীপাংকৰ এই কাণ্ডৰ সৈতে জড়িত নাছিল।

কিন্তু যোৰহাট আৰক্ষীয়ে কেৱল সন্দেহৰ ভিত্তিত দীপাংকৰক আলফা সজাই হত্যা কৰিলে। গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰীক দাবী কৰিছে যে এতিয়া আৰু আমাক কোনো তদন্ত নালাগে। এতিয়া আমি বিচাৰিছো যাতে অসম আৰক্ষীয়ে যাতে ভৱিষ্যতে কোনো নিৰীহ যুৱকক আলফা এন এছ চি এন সজাই হত্যা নকৰে। লগতে তিতাবৰৰ বিৰিনাশায়েকৰ নিৰীহ যুৱক দীপাংকৰ হত্যাৰ সৈতে জড়িত যোৰহাটৰ তদানীন্তন আৰক্ষী অধীক্ষ মোহনলাল মিনা, তিতাবৰ মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু অ'চি লক্ষ্মন কুমাৰ দাসক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

উল্লেখযোগ্য যে ঘটনাৰ সংক্ৰান্তত সেই সময়ত যোৰহাট আৰক্ষীয়ে বিস্ফোৰণৰ সৈতে জড়িত থকাৰ সন্দেহত আটক কৰিছিল তিতাবৰৰ বিৰিণাশায়েক গাড়িকুৰি গাঁৱৰ ২২ বছৰীয়া যুৱক দীপাংকৰ গগৈক। যোৰহাট আৰক্ষীয়ে ২১ ডিচেম্বৰ পৰা ২৪ ডিচেম্বৰৰ মাজনিশালৈকে দীপাংকৰ গগৈক নিৰ্যাতন চলোৱােৰ পাছত ২৫ ডিচেম্বৰৰ পুৱতি নিশা দীপাংকৰক ৰহস্যজনক মৃতদেহ ঘৰৰ পাছফালে উদ্ধাৰ হৈছিল। ইয়াৰ পাছতেই দীপাংকৰৰ মৃত্যুক লৈ তিতাবৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অন্যান্য দল সংগঠনে ৰাজ্য কপোঁৱা ব্যাপক প্ৰতিবাদ সাব্যস্ত কৰিছিল।

পৰৱৰ্তী সময়ত অসম চৰকাৰে অতিৰিক্ত মুখ্য সচিব কে চি ছামাৰিয়াক তদন্তৰ দায়িত্ব দিছিল যদিও আজি পৰ্যন্ত তদন্তৰ প্ৰতিবেদন প্ৰকাশ নকৰিলে। কিন্তু শেহতীয়াকৈ ভাৰতৰ তদন্তকাৰী সংস্থা 'নিয়া'ই দাখিল কৰা সমগ্ৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনত দীপাংকৰ গগৈৰ নাম উল্লেখ নথকাৰ লগে লগেই পুনৰ প্ৰতিবাদত মুখৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি।

লিচুবাৰী সেনা চাউনীত গ্ৰেনেড বিস্ফোৰণৰ ছাৰ্জশ্বিট দাখিল NIAৰ
কামৰূপ জিলা আবকাৰী বিভাগৰ বৃহৎ সফলতাঃ পৃথক পৃথক অভিযানত জব্দ বুজন পৰিমাণৰ অবৈধ সুৰা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in