/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/NIA-30.jpg)
ডিজিটেল ডেস্কঃ ৰাজ্যত শেহতীয়াকৈ বৃদ্ধি পোৱা জেহাদী কাৰ্যকলাপৰ মাজতে নগাওঁ, মৰিগাওঁ, গোৱালপাৰা, বৰপেটা আদি জিলাৰ কেইবাটাও স্থানৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল কেইবাজনো জেহাদী তথা জেহাদীৰ লগত সম্পৰ্ক ৰক্ষা কৰি অহা শ্লীপাৰ চেলৰ লোকক। এই জেহাদীসকলৰ বিৰুদ্ধে আজি নিয়াই প্ৰথমখন চাৰ্জশ্বীট দাখিল কৰিছে।
নিয়াৰ আদায়লতত অল কায়দা উপ-মহাদেশ (এ কিউ আই এছ)ৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা ৮ জনক অভিযুক্ত কৰি এই চাৰ্জশ্বীট দাখিল কৰিছে। ইয়াৰ ভিতৰত ৭ জনেই হৈছে বৰপেটাৰ। আন এটা জেহাদী ত্ৰিপুৰৰা পৰা গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।
নিয়াই চাৰ্জশ্বীট দাখিল কৰা এই জেহাদী কেইটা হৈছে ক্ৰমে ছাইফুল ইছলাম, খাইৰুল ইছলাম, বাদশ্বাহ চুলেইমান, নৌশ্বাদ আলী, মামুনুৰ ৰছিদ, ইমৰান হাচান, মুকবুল হুছেইন আৰু মুফটি চুলেমান।