Advertisment

মাৰ্চৰ পৰা এপ্ৰিললৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰাৰ সময় নিৰ্ধাৰণ...

বাদ -বিবাদ, প্ৰতিবাদ আৰু বিতৰ্ককো নেওচি গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদীবান্ধক বিজুলী উৎপাদনৰ বাবে সাজু কৰিলে বৃহৎ নদী বান্ধটোৰ নিৰ্মাণ সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চুমকৈ এন এইচ পি চিয়ে

author-image
Asomiya Pratidin
New Update
NHPCয়ে গেৰুকামুখৰ পৰা বিহুতে বিজুলী দিব দেশক.

NHPCয়ে গেৰুকামুখৰ পৰা বিহুতে বিজুলী দিব দেশক.

ডিজিটেল ডেস্ক : বাদ -বিবাদ, প্ৰতিবাদ আৰু বিতৰ্ককো নেওচি গেৰুকামুখৰ বিতৰ্কিত বৃহৎ নদীবান্ধক বিজুলী উৎপাদনৰ বাবে সাজু কৰিলে বৃহৎ নদী বান্ধটোৰ নিৰ্মাণ সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম চুমকৈ এন এইচ পি চিয়ে ৷ ২৩ বছৰৰ জল্পনা কল্পনাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হ’ল গেৰুকামুখৰ বৃহৎ নদী বান্ধৰ ৷ 

Advertisment

অতি শেহতীয়াকৈ এন এইছ পি চিৰ  মুখ্য পৰিচালন সঞ্চালক ড° আৰ কে চৌধুৰীয়ে দিল্লীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে ৷ এন এইচ পি চিৰ বিজুলী শক্তি উৎপাদন আৰু দেশৰ অৰ্থনৈতিক উন্নয়নত এন এইচ পি চিৰ অৰিহণা সন্দৰ্ভত ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে সোধা এক প্ৰশ্নৰ উত্তৰ দি মুৰব্বীগৰাকীয়ে কয়- “ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰাৰ সময় উপস্থিত হ’ল ৷ মাৰ্চৰ পৰা এপ্ৰিললৈ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প কাৰ্যক্ষম কৰাৰ সময় নিৰ্ধাৰণ হৈছে । 

অহা ১১এপ্ৰিলৰ পৰা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত প্ৰথম পৰ্যায়ত বিজুলী উৎপাদন হ’ব ৷ প্ৰথম পৰ্যায়ত তিনিটা ইউনিট কাৰ্যক্ষম হ’ব যদিও ২৬ চনৰ মে’ মাহৰ ভিতৰত মুঠ ৮টা ইউনিট কাৰ্যক্ষম কৰি ২,০০০ মেগাৱাট বিজুলী উৎপাদনৰ লক্ষ্য সম্পূৰ্ণ কৰিব বুলি তেওঁ উল্লেখ কৰে ৷ 

একেসময়তে পাৰ্বতিপুৰ জলবিদ্যুৎ প্ৰকল্পটো বিজুলী উৎপাদন হ’ব । এই দুটা প্ৰকল্পত উৎপাদন আৰম্ভ হোৱাৰ লগে লগে এন এইচ পি চিৰ আয় ৬ হাজাৰ কোটিৰ পৰা ১৯ হাজাৰ কোটি পাবগৈ বুলিও তেওঁ মন্তব্য কৰে ৷ অৰ্থাৎ এন এইচ পি চিৰ মুৰব্বী গৰাকীৰ ভাষ্যত স্পষ্ট যে ব’হাগ বিহুতে গেৰুকামুখৰ পৰা বিজুলী উৎপাদন কৰিব এন এইচ পি চিয়ে ৷  

আনহাতে একে সময়তে গেৰুকামুখৰ এন এইচ পি চিৰ এক সূত্ৰই সদৰী কৰে যে,  মাৰ্চৰ পৰা  নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ শক্তিগৃহত তিনিটা ইউনিটত টাৰ্বাইন চলাই মুঠ ৭৫০ মেগাৱাট জলবিদ্যুৎ উৎপাদন কৰিব ৷ তদুপলক্ষে সাজু হৈছে গেৰুকামুখৰ বৃহৎ নদীবান্ধ ৷ তাৰোপৰি মূল বান্ধত ৯খনকৈ গেট সংস্থাপন কৰা হৈছে ৷ 

বান্ধত নদীৰ জলপৃষ্ঠৰ পৰা ৫১ ফুট উচ্চতাত ৰিজাৰ্ভৰত পানী জমা হৈছে ৷ নদীপৃষ্ঠৰ পৰা ৰিজাৰ্ভৰত ১৪৫ ফুটৰ পৰা ২০৫ ফুটপৰ্যন্ত পানী জমা কৰাৰ লক্ষ্য আছে যদিও ১৯০ ফুট পানী জমা হ’লেই বিজুলী উৎপাদন কৰিব পাৰিব ৷ মাৰ্চ মাহত এই জলৰাশি আৱদ্ধ কৰাৰ লক্ষ্য এন এইচ পি চিৰ ৷

উল্লেখ্য যে বিতৰ্কিত বৃহৎ নদীবান্ধ আৰু জলবিদ্যুৎ উৎপাদন প্ৰকল্পটো যোৱা ৫বছৰত নিৰ্মান বন্ধ কৰাৰ দাবীত ৰাজ্যত দল সংগঠনৰ আন্দোলন নাই যদিও গেৰুকামুখৰ প্ৰাকৃতিক পৰিবেশেই এক বৃহৎ প্ৰত্যাহ্বান হৈ ধৰা দি আহিছিল নিৰ্মান সংস্থা এন এইচ পি চিৰ সন্মুখত ৷ বান আৰু ভূমিস্খলৰ বাবেই ২০২০ বৰ্ষৰ মাৰ্চত বিজুলী উৎপাদন কৰিবলগীয়া প্ৰকল্পটোৰ বিজুলী উৎপাদনৰ সময় ২০২২ৰ আগষ্টলৈ পিছুৱাই দিয়া হৈছিল ৷

nhpc