/asomiyapratidin/media/media_files/2025/11/03/1-2025-11-03-16-39-51.jpg)
ডিজিটেল সংবাদ,মানকাচৰঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন ঠাইত চাকৰি কৰা কেইবা শতাধিক NHM কৰ্মচাৰীয়ে হাতে হাতে প্লে কাৰ্ড লৈ নিজৰ প্ৰাপ্যৰ দাবীত জিলাৰ জিলাৰ সদৰ হাটশিঙিমাৰীস্থ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয় প্ৰাঙ্গণত আজিৰে পৰা ৩দিনীয়া কাৰ্যসূচীৰে অৱস্থান ধৰ্মঘট পালন কৰা আৰম্ভ কৰে।
এন এইচ এম কৰ্মচাৰী সকলক সমকামৰ সম দৰমহা, কৰ্মচাৰী সকলৰ স্বাস্থ্য বিভাগত খালি হৈ থকা পদত পোনপটীয়া নিযুক্তিৰ ব্যৱস্থা, নিয়মীয়া কৰ্মচাৰীৰ সমহাৰত গ্ৰেচুইটি, পেঞ্চন,ডেথ বেনিফিট, চাৰ্ভিচ বুক ফেচিলিটি আৰু অন্যান্য সা সুবিধা সমহাৰত প্ৰদান কৰাৰ দাবীত অৱস্থান ধৰ্মঘট আৰু কৰ্মবিৰতি কাৰ্যসূচী পালন কৰে।
আগন্তুক দিনত অসমৰ মুখ্যমন্ত্ৰীক এই দাবীসমুহ পুৰণ কৰিবলৈ আহ্বান জনায় ৷ অন্যথা এই দাবী চৰকাৰে মানি নল'লে আগন্তুক দিনত আন্দোলন আৰু অধিক তীব্ৰতৰ কৰাৰ ভাবুকি প্ৰদান কৰে NHM স্বাস্থ্য কৰ্মী সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us