ৰাজ্যসভাৰো অধ্যক্ষ উপ-ৰাষ্ট্ৰপতিঃ এই অংকতে শিপাৰ সৈতে থকা বিজেপি নেতাক হে কৰিব নিৰ্বাচিত

জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰাৰ পিছত ৰাজনৈতিক ধুমুহা অব্যাহত আছে। তাৰ মাজতেই বিজেপিয়ে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ কোন হ’ব তাৰ সন্ধান অব্যাহত ৰাখিছে। 

author-image
Tushar Pratim
New Update
ৰাজ্যসভাৰো অধ্যক্ষ উপ-ৰাষ্ট্ৰপতিঃ এই অংকতে শিপাৰ সৈতে থকা বিজেপি নেতাক হে কৰিব নিৰ্বাচিত

ডিজিটেল ডেস্কঃ জগদীপ ধনখড়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা হঠাৎ পদত্যাগ কৰা বিষয়টোক কেন্দ্ৰ কৰি ৰাজনৈতিক ধুমুহা অব্যাহত আছে। তাৰ মাজতেই বিজেপিয়ে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতিৰ কোন হ’ব তাৰ সন্ধান অব্যাহত ৰাখিছে।

Advertisment

যদিও পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিজেপিৰ মিত্ৰদলৰ এজন জ্যেষ্ঠ নেতাৰ নাম উপ-ৰাষ্ট্ৰপতি পদৰ বাবে চৰ্চালৈ আহিছিল সেই খবৰৰ অৱশ্যে কোনো আনুষ্ঠানিকতা নাছিল। শেহতীয়াকৈ বিজেপিৰ শীৰ্ষ নেতৃত্বৰ সূত্ৰত প্ৰকাশিত এক খবৰ অনুসৰি বিজেপিয়ে তেওঁলোকৰ মিত্ৰ দলৰ কোনো সদস্যক পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ নকৰে।

তাৰ বিপৰীতে বিজেপিৰ মতাদৰ্শৰ সৈতে প্ৰত্যক্ষভাৱে সম্পৰ্ক থকা কোনোবা এজনকহে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে প্ৰক্ষেপ কৰিব।কিন্তু কাক এই দায়িত্ব দিব সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

অৱশ্যে পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে কেইবাজনো ব্যক্তিৰ নাম চৰ্চাত আছে আৰু বিভিন্ন জল্পনা-কল্পনা চলিছে। একাংশই দাবী কৰিছে বিহাৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিজেপিয়ে বিহাৰৰ পৰাই এজন ব্যক্তিক পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। 

আন একাংশই দাবী কৰিছে ৰাজ্যসভাৰ বৰ্তমানৰ উপাধ্যক্ষ হৰিবাঞ্চ নাৰায়ণ সিঙক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত কৰাৰ সম্ভাৱনা আছে। চৰ্চালৈ আহিছিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ, জে ডি ইউৰ নেতা ৰামনাথ ঠাকুৰ আদিৰো নাম। অৱশ্যে এইবোৰ বতাহত বিয়পি পৰা খবৰহে। ইয়াৰ কোনো আনুষ্ঠানিকতা অথবা বিশ্বাসযোগ্যতা নাই।

বিহাৰৰ এইসকল নেতাৰ নাম চৰ্চালৈ অহাৰ মূলতে হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ অংক। কিন্তু শেহতীয়াকৈ বিজেপিৰ শীৰ্ষ নেতাৰ সূত্ৰত প্ৰকাশিত একাধিক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ খবৰ অনুসৰি বিজেপিয়ে উপ-ৰাষ্ট্ৰপতিৰ পদ মিত্ৰদলৰ বাবে এৰি নিদিয়ে।

কিয়নো উপ-ৰাষ্ট্ৰপতিগৰাকীয়েই ৰাজ্যসভাৰ অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰে। সেয়ে বিজেপিয়ে এই গুৰুত্বপূৰ্ণ পদটো মিত্ৰ দলৰ সদস্যৰ পৰিবৰ্তে বিজেপিৰ মতাদৰ্শৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক থকা এজন ব্যক্তিকহে নিযুক্তি দিবলৈ প্ৰস্তুতি চলাইছে। 

অৱশ্যে এই কথা ঠিক যে, পৰৱৰ্তী উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হ’বলগীয়া ব্যক্তিগৰাকী বিহাৰৰ কোনোবা বিজেপি নেতাও হ’ব পাৰে। অথবা দেশৰ আন যিকোনো প্ৰান্তৰ কোনোবা বিজেপি নেতাও হ’ব পাৰে। কিন্তু এই কথা প্ৰায় নিশ্চিত যে এই পদত কেৱল বিজেপিৰ শিপাৰ সৈতে সম্পৰ্ক থকা নেতাকহে নিযুক্তি দিয়া হ’ব। 

দেশৰ সংবিধান অনুসৰি উপ-ৰাষ্ট্ৰপতি পদ খালী কৰি ৰাখিব নোৱাৰি। কিবা কাৰণত এই পদটো খালী হ’লে তৎক্ষণাত নিৰ্বাচন অনুষ্ঠিত কৰিব লাগিব। সেই অনুসৰি নিৰ্বাচন আয়োগে প্ৰস্তুতি আৰম্ভ কৰিছে। 

২৩ জুলাই বুধবাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰা হৈছে। অৱশ্যে নিৰ্বাচনৰ তাৰিখ এতিয়াও ঘোষণা কৰা হোৱা নাই। এই নিৰ্বাচনৰ বাবে ৰিটাৰ্ণিং বিষয়া আৰু সহকাৰী ৰিটাৰ্নিং বিষয়া এতিয়াও চূড়ান্ত হোৱা নাই। এই বিষয়তো কাম চলি আছে।

উল্লেখ্য যে, আনুষ্ঠানিকভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে উপ-ৰাষ্ট্ৰপতিগৰাকীক নিৰ্বাচন কৰা হয়।জনপ্ৰতিনিধি সকলে তেওঁক ভোট দি নিৰ্বাচিত কৰে। কিন্তু সেই ভোটৰ অংকত বি জে পি নেতৃত্বাধীন এন ডি এ আগবাঢ়ি থকাত তেওঁলোকৰ প্ৰাৰ্থীয়েই যে বিজয়ী হ’ব সেয়া প্ৰায় নিশ্চিত। সেয়ে বিৰোধীয়ে এই পদত প্ৰাৰ্থী প্ৰক্ষেপ নকৰাৰ সম্ভাৱনাই প্ৰৱল।  

.

বিজেপি উপ ৰাষ্ট্ৰপতি