ডিজিটেল ডেস্কঃ ৰঙা চীনৰ প্ৰতি প্ৰকৃতিৰ আন এক ডাঙৰ উপহাৰ। শেহতীয়াকৈ চীনত উদ্ধাৰ হৈছে বিশ্বৰ সৰ্ববৃহত স্বৰ্ণ ভাণ্ডাৰ। প্ৰায় ১০০০মেট্ৰিক টন সোণৰ ভাণ্ডাৰৰ সম্ভেদ লাভ কৰা হৈছে চীনত। ভাৰতীয় মূল্যত এই সোণখিনিৰ মূল্য হ'ব প্ৰায় ৭০.৪১লাখ কোটি টকা।
চীনৰ ভূতাত্ত্বিক জৰীপ বিভাগে সদৰি কৰা অনুসৰি, ভূগৰ্ভৰ পৰা ৩কিলোমিটাৰ গভীৰৰ লৈকে এই সোণখিনিৰ অৱস্থিতি পোৱা গৈছে। চীনৰ হুনান প্ৰদেশৰ পিংজিয়াং কাউন্টিত পোৱা হৈছে এই স্বৰ্ণ ভাণ্ডাৰ সম্ভেদ।
এই স্বৰ্ণ ভাণ্ডাৰটো সম্ভেদ পোৱাৰ পাছতে বিশ্বৰ সৰ্ববৃহত সোণৰ ভাণ্ডাৰ থকা দেশৰ স্বীকৃতি লাভ কৰিছে চীনে। পূৰ্বতে এই স্বীকৃতি দখল কৰি আছিল দক্ষিণ আফ্ৰিকাৰ চাউথ দ্বীপে। বিশেষজ্ঞসকলৰ মতে এই সোণৰ খনিৰ আৱিষ্কাৰে বিশ্বৰ সোণৰ বজাৰত চীনক অধিক প্ৰভাৱশালী কৰি তুলিব।
এই খনি খনন কাৰ্যৰ সৈতে জড়িত থকা টীমৰ এগৰাকী সদস্যই সংবাদমাধ্যমক জনোৱা অনুসৰি, এই খনি ২০০০ মিটাৰ গভীৰতালৈকে বিস্তৃত, য’ত ৪০টাতকৈও অধিক সোণৰ অক্সাইডৰ শিৰা আৱিষ্কাৰ কৰা হৈছে। ইতিমধ্যে শেহতীয়া প্ৰযুক্তি ব্যৱহাৰ কৰি খনিৰ পৰা সোণ উলিওৱাৰ কাম আৰম্ভ হৈছে।