মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথা কয় তেনেদৰে কাম কৰে, মায়ঙৰ পৰা শিলঘাটলৈকে মথাউৰি হব পকাঃমন্ত্ৰী পীয়ুষ হাজৰিকা…

মুখ্যমন্ত্ৰীয়ে যেনেদৰে কথা কয় তেনেদৰে কাম কৰে,  মায়ঙৰ পৰা শিলঘাটলৈকে মথাউৰি হব পকাঃমন্ত্ৰী পীয়ুষ হাজৰিকা…

ডিজিটেল সংবাদ , নগাঁও : মায়ঙৰ পৰা শিলঘাটলৈকে হব মথাউৰি পকা ৷ নগাঁও মৰিগাঁও জিলাক সামৰি লোৱা ব্ৰহ্মপুত্ৰৰ মথাউৰি পকা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷ দেওঁবাৰে নগাঁৱত এই ঘোষনা কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাই ৷ নেহৰুবালিত অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ সভাত উপস্হিত থাকি মন্ত্ৰী হাজৰিকাই কয় যে অসমীয়া মহিলা সকলৰ সন্মান যাতে লাঘব নহয় তাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কাম কৰি যাবলৈ বদ্ধপৰিকৰ ৷

কথা দি কথা ৰখা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ্য কৰি মন্ত্ৰী হাজৰিকাই কয় – ভবিষ্যতে আমাৰ মহিলা সকলক মাইক্ৰ'ফাইনেঞ্চৰ কোনেও বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৷ ইয়াৰ পৰা সতৰ্ক কৰি দিছো ৷ ৰাজ্যত এতিয়া অপৰাধৰ সংখ্যা কমিছে বুলি বক্তব্য আগবঢ়াই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গ্ৰহন কৰা পদক্ষেপৰ বাবে থানাত গোচৰৰ সংখ্যা কমিছে ৷

অপৰাধ হ্ৰাস পোৱাৰ সময়ত কংগ্ৰেছে সমালোচনা কৰিছে ৷ ড্ৰাগছবিৰোধী অভিযানক কংগ্ৰেছে বেয়া পাই জ্বলি পকি সংবাদ মেল পাতে ৷ কংগ্ৰেছে বেয়া পালেও ড্ৰাগছৰ বিৰোদ্ধে , অপৰাধীৰ বিৰোদ্ধে চৰকাৰে অভিযান অব্যাহত ৰাখিব ৷ সভাত স্বাস্হ্যমন্ত্ৰী কেশব মহন্তই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কথা যেনেকে কয় কামো তেনেকে কয় ৷ প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীয়ে কাম কৰিছে ৷

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আমাৰ সকলোৰে নেতা ৷ তেওঁ এটা দলৰ নেতা নহয় ৷ অসমৰ সকলোৰে নেতা ৷ জাতি , ভেটি , মাটি ৰক্ষাৰ বাবে মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকৃতাৰ্থত কাম কৰিছে ৷ তেওঁৰ নেতৃত্বত অসমৰ জাতি , মাটি , ভেটিৰ ৰক্ষা হবই ৷ অসম মাইক্ৰ'ফাইনেঞ্চ উদগনি আৰু সকাহ আঁচনিৰ জৰিয়তে নগাঁও জিলাৰ ৮৬,৯৫০ গৰাকী মহিলা উপকৃত হব ৷

সভাত আনুষ্ঠানিক ভাবে পোন্ধৰ গৰাকী মহিলাক ঋণ পৰিশোধৰ বাবে আচঁনিৰ চেক প্ৰদান কৰা হয় যদিও ছয়হাজাৰ মহিলাৰ মাজত দেওঁবাৰে সভাৰ শেষত চেক বিতৰন কৰা হয় ৷ সভাখনিত বিধায়ক ৰূপক শৰ্মা , জিতু গোস্বামী , প্ৰাক্তন সাংসদ ৰাজেন গোহাই আদি উপস্হিত থাকে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in